মুখ্য-পৃষ্ঠা

সাজু মাইক্ৰ’ছফট! অক্টোবৰত নতুন হৈ পৰিব আপোনাৰ লেপটপ

asomiyapratidin

ডিজিটেল ডেস্কঃ আপোনাৰ লেপটপটো নতুন কৰিবলৈ সাজু হওক। কিয়নো অহা অক্টোবৰত মাইক্ৰ'ছফটে আপডেট কৰিব উইণ্ডজ ১০। বাৰ্লিনত অনুষ্ঠিত আই এফ এ ২০১৮ টেকন'লজি ইভেণ্টত নতুন 'উইণ্ডজ ১০ অক্টোবৰ ২০১৮ আপডেট' মুকলি কৰাৰ কথা ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে।

উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিলত উইণ্ডজ ১০ৰ অন্তিমটো আপডেট মুকলি কৰিছিল মাইক্ৰ'ছফটে। উইণ্ডজ ১০ৰ এই নতুন সংস্কৰণত আছে একাধিক নতুন ফিচাৰ্ছ। এই নতুন ফিচাৰ্ছসমূহে সমগ্ৰ বিশ্বৰ ৭০ কোটিৰো অধিক উইণ্ডজ ব্যৱহাৰকাৰীৰ অভিজ্ঞতা সলনি কৰি পেলাব বুলি আশা প্ৰকাশ কৰিছে মাৰ্কিন তথ্য প্ৰযুক্তিৰ প্ৰতিষ্ঠানটোৱে।

'এই আপডেটত আমি একাধিক নতুন ফিচাৰ্ছৰ সংযোজন ঘটাইছো। ইয়াৰ ফলত উইণ্ডজ ১০ত দেখা পোৱা যাব বৃহৎ পৰিৱৰ্তন। ইয়াৰ ফলত উপকৃত হ'ব ৭০ কোটি ইউজাৰ।'-এইদৰে নিজৰ ব্লগত উল্লেখ কৰিছে মাইক্ৰ'ছফটৰ কৰ্প'ৰেট ভাইচ প্ৰেচিডেণ্ট ৰয়ান ছনছে।