traffic instruction
traffic instruction  
মুখ্য-পৃষ্ঠা

শনিবাৰৰ পৰা গুৱাহাটীত ইচ্ছা অনুসৰি চলাব নোৱাৰিব বাহনঃ চাই লওক এই খবৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচৰ পূৰ্বে গুৱাহাটী বাসীৰ বাবে যান বাহন আৰক্ষীয়ে নতুনকৈ জাৰি কৰিছে ট্ৰেফিক নিৰ্দেশনা। মহানগৰ যান-বাহন আৰক্ষীৰ ডি চি পিয়ে এক সংবাদ মেলৰ জৰিয়তে মহানগৰবাসীক ২ অক্টোবৰৰ লগতে পূজাৰ সময়ত যান-বাহন চলাচালৰ ক্ষেত্ৰত কি কি নীতি-নিয়ম পালন কৰিব লাগিব সেই সম্পৰ্কে প্ৰকাশ কৰিছে।

সেই অনুসৰি ২অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ৩ অক্টোবৰৰ পুৱতি নিশা ২ বজালৈ ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৪ চকীয়া বাণিজ্যিক বাহন চলাচল কৰিব নোৱাৰিব। একেদৰে এই সময়ত ৬ চকীয়া বা তাতকৈ অধিক চকাৰ সামগ্ৰী কঢ়িওৱা বাহনো চলাচল কৰিব নোৱাৰিব।

১ৰ পৰা ৫ অক্টোবৰলৈ পুৱা ৪ বজাৰ পৰা ৯ বজালৈ বাহন চলাচল কৰিব পাৰিব। ২ অক্টোবৰত বাহন চলাচলত থাকিব নিষেধাজ্ঞা। বৰ্ষাপাৰা তিনিআলি-ধীৰেনপাৰা তিনিআলিলৈ পাছ থকা যান-বাহন হে যাব পাৰিব।

লখৰা-ধীৰেনপাৰা অভিমুখী বাহনৰ ক্ষেত্রতো কিছু নিষেধাজ্ঞা প্রদান কৰা হৈছে। ধীৰেনপাৰাৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম হৈ লখৰালৈ থাকিব কেৱল ওৱান ৱে’।

আনহাতে ক্ৰিকেট মেচৰ দৰ্শকৰ বাবে মুঠ ৮ খন গেটৰ ভিতৰত মুকলি থাকিব ৬ খন গেট। ইয়াৰে দুখন গেট সাধাৰণ দৰ্শকৰ বাবে মুকলি নাথিকিব। 1B গেটখন মুকলি থাকিব অতিথিৰ বাবে।

২নং গেটলৈ যাবলৈ দৰ্শকসকে বৰ্ষাপাৰা তিনিআলি হৈ এ কে আজাদ ৰোডেৰে ভিতৰলৈ যাব পাৰিব।

৩নং গেটলৈ যাবলৈ দৰ্শকসকলে আৰজি বৰুৱা ৰোডেৰে গডৰেজ গলি বা ৰোলিং ৰোডহৈ AK আজাদ ৰোডেৰে ভিতৰলৈ যাব লাগিব। ৪নং গেটলৈ যাবৰ বাবে ৰোলিং মিল ৰোড তিনিআলিৰ পৰা AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব।

৫নং আৰু ৬নং গেটলৈ যাবৰ বাবে ভূপেন হাজৰিকা পথৰ সহায়ত ৰঘুনাথ পথ হৈ AK আজাদ ৰোডেৰে ভিতৰলৈ যাব পাৰিব। আনহাতে ৭নং গেটলৈ যাবলৈ দৰ্শকসকলে বৰ্ষাপাৰা তিনিআলি হৈ AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব।