মুখ্য-পৃষ্ঠা

পঢ়ি লওক, নতুবা পৰিব বিপদতঃ বুধবাৰৰ পৰা অসমত নতুন নিয়ম…

asomiyapratidin

ডিজিটেল ডেস্কঃ শেহতীয়া কোভিড পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰে শেহতীয়াকৈ জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা। নতুন এই নিৰ্দেশনা ৫ মে'ৰ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হব সমগ্ৰ ৰাজ্যত। পৰৱৰ্তী নিৰ্দেশনা প্ৰদান নকৰালৈকে অসমত প্ৰযোজ্য হবলগীয়া এই নতুন নীতি-নিয়মবোৰ হৈছে।

  • মুকলি স্থান বা খেল পথাৰত অনুষ্ঠিত হব নোৱাৰিব কোনো জন সমাগম।
  • কোনো অনুষ্ঠান, বিবাহ বা অন্যান্য ধৰ্মীয় অনুষ্ঠানত ২০গৰাকীতকৈ অধিক ব্যক্তি উপস্থিত থাকিব নোৱাৰিব।
  • ধৰ্মীয় স্থলী, মন্দিৰ-মছজিদত ৫গৰাকীতকৈ অধিক লোকৰ সমাগমত বাধা।
  • শেষকৃত্যত ২০গৰাকীতকৈ অধিক লোকৰ উপস্থিতিত বাধা।
  • সকলো দোকান/ ব্যৱসায়িক প্ৰতিষ্ঠান দিনৰ ২বজাত বন্ধ কৰিব লাগিব।
  • ৰেষ্টুৰেন্ট, ধাবা/হোটেলত ২বজালৈকে গ্ৰাহকে বহি খাব পাৰিব আৰু সন্ধিয়া ৬বজালৈকে কৰিব পাৰিব হোম ডেলিভাৰী।
  • সকলো জৰুৰীকালীন সেৱাৰ দোকান, ফাৰ্মাচী খোলা থাকিব।
  • চৰকাৰী-বেচৰকাৰী সকলো অফিচ বন্ধ হব লাগিব দিনৰ ২বজাত।
  • ৫০শতাংশ কৰ্মচাৰীয়ে চলিব কাৰ্যালয়ৰ কাম-কাজ।
  • গৰ্ভৱতী মহিলা আৰু ৫বছৰতকৈ তলৰ সন্তানৰ মাতৃয়ে ঘৰৰ পৰাই সম্পাদন কৰিব লাগিব কাৰ্যালয়ৰ কাম-কাজ।
  • সকলো শিক্ষানুষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠানে ভাৰ্চুৱেলীভাৱে সম্পাদন কৰিব লাগিব কাম-কাজ।
  • সকলো যাত্ৰীবাহী, মালবাহী বাহনে মানি চলিব লাগিব কোভিড নীতি-নিয়ম।
  • অটো ৰিক্সা বা ৰিক্সা বা অন্যান্য সৰু বাহনত চালক আৰু দুগৰাকী যাত্ৰী উঠোৱাৰ লগতে সামাজিক দুৰত্ব মানি চলিব লাগিব।
  • চিটি বাছ, আন্তঃৰাজ্যিক বাছ, আন্তঃজিলা সকলো বাছে ৫০শতাংশ যাত্ৰীহে উঠাব পাৰিব।
  • সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
  • নৈশ সান্ধ্য আইন বুধবাৰৰ পৰা আৰম্ভ হব সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫বজালৈ।
  • এই সময়ত জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকক ৰেহাই প্ৰদান কৰা হব যদিও লগত থাকিব লাগিব পৰিচয় পত্ৰ।
  • সন্তান সম্ভৱা মহিলা আৰু ৰোগীক প্ৰদান কৰা হব ৰেহাই।
  • এয়াৰপৰ্ট বা ৰেলৱে ষ্টেচনৰ পৰা অহা যাত্ৰীক ৰেহাই প্ৰদান কৰা হব যদিও তেওঁলোকে দেখাব লাগিব টিকট।
  • ইলেক্টনিক আৰু প্ৰিন্ট মিডিয়াৰ লোকে লগত ৰাখিব লাগিব পৰিচয় পত্ৰ।