মুখ্য-পৃষ্ঠা

এপ্ৰিলৰ পৰা শিক্ষাবৰ্ষঃ ছেবাক কি পৰামৰ্শ দিলে আছুয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ শিক্ষা বিভাগে অসমৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষাবৰ্ষৰ কাল বৃদ্ধিকৰণ তথা পৰিবৰ্তন সম্পৰ্কত অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) অধ্যক্ষক পৰামৰ্শ আগবঢ়াবলৈ ৰাজহুৱা জাননীৰ জৰিয়তে জনোৱা আবেদনৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই ছেবাৰ অধ্যক্ষক সন্থাৰ মতামত দাখিল কৰে।

উল্লেখ্য যে, অসম চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত শ্ৰী প্ৰীতম শইকীয়াই চলিত ২০২০চনৰ মাৰ্চমাহলৈ বৃদ্ধিকৰণৰ প্ৰস্তাৱ বিবেচনা কৰাৰ লগতে সমান্তৰালভাৱে পৰৱৰ্তী বছৰসমূহৰ শিক্ষাবৰ্ষও ১ এপ্ৰিলৰ পৰা আৰম্ভ কৰিবলৈ বিবেচনা কৰাৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰি এই বিষয়ত সকলোৰে পৰামৰ্শ বিচাৰিছে।

সেইহেতুকে বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে বৃহস্পতিবাৰে ছেবাৰ অধ্যক্ষ ৰমেন চন্দ্ৰ জৈনক সাক্ষাত কৰি ছাত্ৰ সন্থাৰ দৃষ্টিভংগী দাখিল কৰে। সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যৰ নেতৃত্বত দাখিল কৰা এই মতামতত কোৱা হয় যে, কোভিড-১৯ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ অসমৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সমাজৰ লগতে ছাত্ৰ সন্থা উদ্বিগ্ন।

ছাত্ৰ সন্থাৰ দৃষ্টিভংগীত লগতে উল্লেখ আছে যে, অসমৰ শিক্ষাৰ্থীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত হবই লাগিব। সাম্প্ৰতিক পৰিস্থিতিক অসমৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বৰ্ষ ক্ষতি হব নালাগিব। এই বছৰটোতৰ বাবে চৰকাৰী বন্ধ হ্ৰাস কৰি কৰ্মদিন বৃদ্ধি কৰা উচিত। শনিবাৰেও ছাত্ৰ-ছাত্ৰীৰ পাঠদান হোৱাটো উচিত বুলি মতপোষণ কৰে সদৌ অসম ছাত্ৰ সন্থাই।

ছাত্ৰ সন্থাই লগতে কয়, সংক্ৰমণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰটোতেই নিৰ্ধাৰিত পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ নীতি শিথিল কৰাৰ উপায় উদ্ভাৱন কৰা উচিত। অসমৰ সামাজিক পটভূমি আৰু প্ৰাকৃতিক পৰিৱেশৰ আধাৰত সকলো কথা খৰছি মাৰি আলোচনা কৰাৰ পিছত ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ শিক্ষাবৰ্ষ কাৰ্যকৰী হোৱা উচিত বুলি ছাত্ৰ সন্থাই ইতিমধ্যে মত প্ৰকাশ কৰিছে।