মুখ্য-পৃষ্ঠা

গ্ৰন্থপ্ৰেমীৰ বাবে দুঃখবৰ : স্থগিত ৰখা হ’ল বিশ্ব গ্ৰন্থমেলা…

asomiyapratidin

ডিজিটেল ডেস্কঃ গ্ৰন্থপ্ৰেমীৰ বাবে আহিছে এক দুঃখবৰ। স্থগিত কৰা হ'ল গ্ৰন্থমেলা। দেশত বৰ্ধিত কোৰোনা আৰু কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছে গ্ৰন্থমেলা। নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৩০ সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ আয়োজকসকলে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

দিল্লীৰ প্ৰগতি মৈদানত ৮ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া এই বিশ্ব গ্ৰন্থমেলা এইবাৰ কিছু ব্যতিক্ৰম আঁকাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল। ১৯৭২ চনত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা এই বিশ্ব গ্ৰন্থমেলাৰ এইবাৰ আছিল সোণালী জয়ন্তী বৰ্ষ। সেই অনুসৰি সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজকসকলে এক ফটো প্ৰদৰ্শনীৰ জৰিয়তে এইবাৰৰ গ্ৰন্থমেলা উদযাপন কৰাৰ পৰিকল্পনা কৰিছিল।

কোৰোনাৰ আৰু কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সেই পৰিকল্পনা বাতিল কৰা হৈছে। গ্ৰন্থমেলাখন পুনৰ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়ে পৰৱৰ্তী সময়ত সময়সূচী ৰাজহুৱা কৰা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে।