নতুন দিল্লীত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ দিল্লী এন চি আৰ,জিলা শাখাৰ বাৰ্ষিক অধিবেশন
নতুন দিল্লীত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ দিল্লী এন চি আৰ,জিলা শাখাৰ বাৰ্ষিক অধিবেশন 
মুখ্য-পৃষ্ঠা

নতুন দিল্লীত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ দিল্লী এন চি আৰ,জিলা শাখাৰ বাৰ্ষিক অধিবেশন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নতুন দিল্লীৰ দ্বাৰাকাত দেওবাৰে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ দিল্লী এন চি আৰ,জিলা শাখাৰ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয় ৷ পুৱা নাম -প্ৰসংগৰে আৰম্ভ হোৱা অনুষ্ঠানৰ সামৰণি পৰে গাম্ভীৰ্যপূৰ্ণ মুকলি সভাৰে ৷

সভাত সভাপতিত্ব কৰে দীপক বৰাই, আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত কৰ্ণেল জিতেন হাজৰিকা,সাহিত্যিক মলয়া খাউণ্ড, সুহাগমণি বৰ্মণ আৰু ডা০ বিপুল বৰুৱা ৷ অনুষ্ঠানত ড০ আৰতি বৰুৱাৰ " মোৰ সুৰ " শীৰ্ষক এক কবিতাপুথিও উন্মোচন কৰে মলয়া খাউণ্ডে ৷