ভয়ংকৰ বিমান দুৰ্ঘটনাঃ ৭২ যাত্ৰীৰ ভিতৰত এই পৰ্যন্ত ৪০ জনৰ মৃতদেহ উদ্ধাৰ...
ভয়ংকৰ বিমান দুৰ্ঘটনাঃ ৭২ যাত্ৰীৰ ভিতৰত এই পৰ্যন্ত ৪০ জনৰ মৃতদেহ উদ্ধাৰ... 
মুখ্য-পৃষ্ঠা

ভয়ংকৰ বিমান দুৰ্ঘটনাঃ ৭২ যাত্ৰীৰ ভিতৰত এই পৰ্যন্ত ৪০ জনৰ মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নেপালত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত এই পৰ্যন্ত মৃত্যু হৈছে প্ৰায় ৪০ জন লোকৰ। নেপালৰ পোখৰাৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা।

দুৰ্ঘটনাগ্ৰস্ত বিমানখন য়েটি এয়াৰলাইন্সৰ এ টি আৰু-৭২। দেওবাৰে কাঠমাণ্ডুৰ পৰা পোখৰালৈ ৰাওনা হোৱা বিমানখন অৱতৰনৰ সময়তে দুৰ্ঘটনাত পতিত হয়।

খবৰ অনুসৰি বিমানখনত আছিল ৬৮ জন যাত্ৰী আৰু ৪ জন ক্ৰু মেম্বাৰ। বিমানখন অৱতৰণৰ সময়তে দুৰ্ঘটনাৰ সন্মুখীন হয়। আৰু গোটেই বিমানখন জ্বলি যায়। এই পৰ্যন্ত উদ্ধাৰকাৰীয়ে ৪০ জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰিছে।