মুখ্য-পৃষ্ঠা

১০দিনৰ ভিতৰত মচিব লাগিব ছবিঃ মুকলি আকাশৰ তললৈ চিত্ৰশিল্পী নীলিম মহন্ত …

asomiyapratidin

ডিজিটেল সংবাদ, ইটানগৰঃ শিল্পী নীলিম মহন্ত আৰু অধিবক্তা ইব' মিলিকে মঙলবাৰে জামিন লাভ কৰে। য়ুপিয়া জিলা আদালতত দুয়োজনকে এদিন আগতেই আজি আদালতত হাজিৰ কৰাই ইটানগৰ আৰক্ষীয়ে। দুদিনৰ বাবে আৰক্ষী জিম্মাত লৈ অনা দুয়োজন নদীবান্ধৰ প্ৰতিবাদকাৰীক য়ুপিয়া প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে কিছুসময়ৰ পূৰ্বে জামিন মঞ্জুৰ কৰে।

আৰক্ষীয়ে আদালতত জনায় যে দুয়োজনৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা গোচৰটোত অধিক তদন্ত কৰিব লগা নাই বাবে দূয়োজন অভিযুক্তক আৰক্ষীৰ জিম্মাত ৰখাৰ প্ৰয়োজন নাই। আদালতে নীলিম মহন্তক অৰুণাচল প্ৰদেশ সচিবালয়ৰ দেৱালত অংকন কৰা চিত্ৰ দহ দিনৰ ভিতৰত মচি দিবলৈ নিৰ্দেশ দিছে।