মুখ্য-পৃষ্ঠা

নদীৰ কোবাল সোতে উটুৱাই নিয়া মহিলাক উদ্ধাৰ এন ডি আৰ এফৰ… চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ গাজীপুৰৰ অন্তৰ্গত ছিৰোনী গাঁৱৰ গোমতী নদীত কথমপি প্ৰাণৰক্ষা পৰে এগৰাকী মহিলাৰ। নদীখনত মহিলাগৰাকীয়ে পুৱা ভাগত জঁপিয়াই দিয়াৰ পাছত পানীত ডুবিলৈ লওঁতেই এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক।  ১৫জনীয়া এন ডি আৰ এফৰ এটা দলে উদ্ধাৰ কৰে মহিলাগৰাকীক।

নদীখনৰ কোবাল সোতে মহিলাগৰাকীক দূৰলৈ উটুৱাই নিয়াৰ সময়তে এন ডি আৰ এফ বাহিনীৰ দলটোৱেও নদীত জঁপিয়াই দিয়ে আৰু মহিলাগৰাকীৰ প্ৰাণৰক্ষা পৰে। চাওঁক ভিডিঅ'-

জানিব পৰা মতে, মহিলাগৰাকীৰ ললিতা দেৱী। ললিতা দেৱী বাৰণসীৰ ৰজৱাৰীৰ নিবাসী অৰবিন্দ কুমাৰৰ পত্নী। অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই যে, মহিলাগৰাকীয়ে কিয় নদীত জঁপিয়াইছিল।