মুখ্য-পৃষ্ঠা

লাডাখত চীন-ভাৰতীয় সেনা বাহিনীৰ সংঘৰ্ষ…

asomiyapratidin

ডিজিটেল ডেস্কঃ পাকিস্তানে প্ৰায়ে যুদ্ধবিৰতি উলংঘা কৰাৰ মাজতে বুধবাৰে ভাৰত আৰু চীনৰ সৈনিক পূব লাডাখত সংঘৰ্ষ সৃষ্টি। সূত্ৰ অনুসৰি, ভাৰতীয় আৰু চীনৰ সেনা বাহিনীৰ মজাত বহু সময় ধৰি সংঘৰ্ষ অব্যাহত থাকে। পেংগং হ্ৰদৰ উত্তৰ দিশত সৃষ্টি হয় সংঘটিত এই সংঘৰ্ষৰ।

ভাৰতীয় সেনাই তহল দিয়া সময়তে মুখামুখি হয় চীনৰপিপলছ লিব্ৰেশ্যন আৰ্মিৰ সৈনিকৰ সৈতে। তাৰপাছত চীনৰ সেনা বাহিনীয়ে সেই স্থানতভাৰতীয় সেনা বাহিনীৰ উপস্থিতিৰ বিৰোধিতা কৰে। ফলত দুয়ো দেশৰ সেনা বাহিনীৰ মাজতসংঘৰ্ষ সৃষ্টি হয়।

তাৰপাছত সেই স্থানত দুয়োখন দেশৰ সেনা বাহিনীৰসংখ্যা বৃদ্ধি কৰা হয়। উল্লেখ্য যে, ২০১৭ত ছিকিম-ভূটান-তিব্বত সীমান্তৰ ডকলামতোদুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল এনেধৰণৰ পৰিস্থিতি। আৰু ভাৰতীয় সেনা বাহিনীয়ে জনাইছিলযে, দুয়ো দেশৰ সেনা বাহিনীৰ মাজত আলোচনাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণ হৈছিল।