নগাঁৱত নেচনেল ইনচুৰেঞ্চ কোম্পানী লিমিটেডৰ উদ্যোগত তৰ্ক প্ৰতিযোগিতা...

"জনসাধাৰণৰ সজাগতা আৰু সুতীক্ষ্ণ দৃষ্টি নিক্ষেপৰ জৰিয়তেহে দুৰ্নীতি ৰোধ কৰিব পৰা যায় " শীৰ্ষক তৰ্ক প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
নগাঁৱত নেচনেল ইনচুৰেঞ্চ কোম্পানী লিমিটেডৰ উদ্যোগত তৰ্ক প্ৰতিযোগিতা...

তৰ্ক প্ৰতিযোগিতা

ডিজিটেল সংবাদ, বেবেজীয়াঃ নেচনেল ইনচুৰেঞ্চ কোম্পানী লিমিটেড নগাঁও শাখাৰ উদ্যোগত, নগাওঁ আইন মহাবিদ্যালয় আৰু নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰিৰ সহযোগত শনিবাৰে নগাওঁ আইন মহাবিদ্যালয়ত আন্তঃশিক্ষানুষ্ঠান তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰে। দুৰ্নীতি নিবাৰণ সপ্তাহৰ লগত সংগতি ৰাখি এই তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

Advertisment

অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰি নগাঁও আইন মহাবিদ্যালয়ৰ অধ্যক্ষা ড° সুজাতা ভট্টাচাৰ্যই সাম্প্ৰতিক সময়ত দুৰ্নীতি নিবাৰণৰ সন্দৰ্ভত মত পোষণ কৰে। এই অনুষ্ঠানত অংগ্ৰহণ কৰি নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই কয় যে, এনে ধৰণৰ প্ৰতিযোগিতাই নৱ প্ৰজন্মক প্ৰতিভা বিকাশৰ সুবিধা প্ৰদান কৰে।

আনহাতে অনুষ্ঠানত নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰিৰ সচিব মৃণাল নিওপনে, নেচনেল ইনচুৰেঞ্চ কোম্পানী লিমিটেড নগাঁও শাখাৰ প্ৰবন্ধক লহিতা কুটুম আদিয়ে ভাষণ প্ৰদান কৰে। প্ৰতিযোগিতাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰে নগাওঁ আইন মাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, অধিবক্তা শৰৎ চন্দ্ৰ খাউন্দে।

বিচাৰকৰ দায়িত্ব পালন কৰে লক্ষজ্যোতি বৰঠাকুৰ আৰু সপোনটি বৰদলৈয়ে। "জনসাধাৰণৰ সজাগতা আৰু সুতীক্ষ্ণ দৃষ্টি নিক্ষেপৰ জৰিয়তে হে দুৰ্নীতি ৰোধ কৰিব পৰা যায় " শীৰ্ষক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত তেজপুৰ বিশ্ববিদ্যালয়, তেজপুৰ আইন মহাবিদ্যালয়, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়, নগাওঁ মহাবিদ্যালয়, এ ডি পি কলেজ, গুৱাহাটীৰ ইনষ্টিউট অৱ মাছ কমিউনিকেশ্বন এণ্ড মিডিয়া ষ্টাডিছ, কামপুৰ কলেজ, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়, ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়, আৰু কনচেপ্ত কনিষ্ঠ মহাবিদ্যালয়ৰ ৩০ গৰাকীৰো অধিক ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, প্ৰতিযোগিতাত শোণিত শৰ্মাই প্ৰথম স্থান, ল'চান বৰাই দ্বিতীয় স্থান, অঞ্জুমনি ভৰদ্বাজে তৃতীয় স্থান লাভ কৰে। গীতাঞ্জলি মল্লিক আৰু ৰিয়া ৰাজখোৱাই বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।

nagaon ramajun college nagaon law college