মুখ্য-পৃষ্ঠা

‘ৰাষ্ট্ৰপতি কিয় হ’ব বিচাৰে, প্ৰধানমন্ত্ৰী কিয় নহয়?’ -ছাত্ৰক প্ৰশ্ন প্ৰধানমন্ত্ৰী মোডীৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ বাংগালুৰুস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ কেন্দ্ৰত উপস্থিত থাকি চন্দ্ৰযান-২ৰ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হোৱাৰ সুযোগ লাভ কৰা দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ সৈতে একেলগে সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ কথা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইছৰ'ৱে অনলাইনযোগে অনুষ্ঠিত কৰা মহাকাশ কুইজ প্ৰতিযোগিতাৰে বাচনি কৰা হৈছিল দেশৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৭০ জন মেধাৱী ছাত্ৰ-ছাত্ৰীক।

এই শিক্ষাৰ্থীসকলৰে এজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বাৰ্তালাপৰ সুযোগ লাভ কৰি ভৱিষ্যতে তেওঁ ৰাষ্ট্ৰপতি হ'ব বিচাৰে আৰু কিদৰে সপোন পূৰণ কৰা সম্ভৱ বুলি প্ৰধানমন্ত্ৰীৰ পৰা জানিব বিচাৰে। ছাত্ৰজনৰ এনে প্ৰশ্নৰ উত্তৰ দি নৰেন্দ্ৰ মোডীয়ে কিয় তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হ'ব নিবিচাৰে বুলি হাঁহি হাঁহি ছাত্ৰজনক ওলোটাই প্ৰশ্ন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছাত্ৰজনক উদ্দেশ্যি কয়, জীৱনৰ সকলো সময়তে ডাঙৰ সপোন দেখা উচিত। কিন্তু সেই সপোন পূৰণৰ বাবে সৰু সৰু লক্ষ্য স্থিৰ কৰি আগবঢ়া উচিত। ব্যৰ্থতাৰ কথা ভাৱি বহি থাকিলে সফলতা লাভ নহয়। কোনো কাৰণতে যাতে হতাশাই মন মগজু চানি ধৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আগবঢ়া উচিত বুলি ছাত্ৰজনক পৰামৰ্শ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে।