মুখ্য-পৃষ্ঠা

জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত বিষ্ণু ৰাভা সংগীত আৰু বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

asomiyapratidin

জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত বিষ্ণু ৰাভা সংগীত আৰু বক্তৃতা প্ৰতিযোগিতা সম্পন্ন…

ডিজিটোেল সংবাদ,নাৰায়ণপুৰ : নাৰায়ণপুৰ জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত বিষ্ণুৰাভা দিৱস উপলক্ষে লখিমপুৰ জিলাভিত্তিত অনলাইন যোগে বিষ্ণুৰাভা সংগীত আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগীতাত নিম্ন আৰু উচ্চ দুয়োটা শাখাতে জিলাখনৰ ১০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । ১৮ জুনলৈকে প্ৰতিযোগীসকলে প্ৰেৰণ কৰা ভিডিঅ' সমূহৰ আধাৰত অভিজ্ঞ বিচাৰকৰ দ্বাৰা মূল্যাংকন কৰা হয় ।

আজি বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি দিনৰ ১১ বজাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী দিগাংগনা বৰাই জুবিন গাৰ্গ ফেন ক্লাৱৰ ফেচবুক পেজৰ পৰা লাইভযোগে প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰে।বক্তৃতা প্ৰতিযোগিতাৰ উচ্চ শাখাত অনুভূতি বৰুৱাই প্ৰথম, সৃষ্টি বৰুৱাই দ্বিতীয় আৰু সংস্কৃতি গগৈয়ে তৃতীয় স্থান লাভ কৰে কৰাৰ বিপৰীতে বক্তৃতা প্ৰতিযোগিতাৰ নিম্ন শাখাত ৰাজনন্দিনী বৰাই প্ৰথম,হৰিপ্ৰিয়া শইকীয়াই দ্বিতীয় আৰু টিউলিপ বৰাই তৃতীয় স্থান দখল কৰে।

আনহাতে বিষ্ণুৰাভা সংগীত প্ৰতিযোগীতাৰ উচ্চ শাখাত বিকান্ত শইকীয়াই প্ৰথম,পাৰ্থপ্ৰতীম হাজৰিকাই দ্বিতীয় আৰু পুলক কোঁ‌ৱৰে তৃতীয় স্থান অধিকাৰ কৰাৰ লগতে নিম্ন শাখাত পৰী বৰুৱাই প্ৰথম,বনশ্ৰী বৰাই দ্বিতীয় আৰু আকাংক্ষা বৰা আৰু প্ৰাৰ্থনা বৰাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে। বিজয়ী প্ৰতিযোগী সকলক মান পত্ৰ,একোটিকৈ গছপুলি আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰিব বুলি উদ্যোগক্তা সকলে জানিবলৈ দিছে । আনহাতে প্ৰতিযোগিতা খন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে নাৰায়ণপুৰ জুবিন গাৰ্গ ফেন ক্লাৱৰ হৈ সভাপতি হিমাংশু হাজৰিকা আৰু সম্পাদক অনুৰাগ বৰুৱাই সমূহ প্ৰতিযোগী,বিচাৰক তথা অনলাইনযোগে উপস্থিত থকা সমূহ দৰ্শক আৰু শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন কৰে