মুখ্য-পৃষ্ঠা

নাৰায়ণপুৰত নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ ওপজা দিন উদযাপন…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে নিৰ্ভীক সাংবাদিক,জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসৰ ওপজা দিন উদযাপন কৰা হয় । পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ,অসমৰ উদ্যোগত আৰু নাৰায়ণপুৰ প্ৰেছ ক্লাৱ, হেল্পীং হেণ্ডচ্ আৰু বীৰ লাচিত সেনাৰ সহযোগত নাৰায়ণপুৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ কাৰ্য্যালয়ত উদযাপন কৰা ওপজা দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চৰ সভাপতি জাহ্নু দত্তই পতাকা উত্তোলন কৰাৰ পিছতে দুপৰীয়া বন্তি প্ৰজ্বলনেৰে মুকলি সভা শুভাৰম্ভ কৰে জ্যেষ্ঠ নাগৰিক বোধেন হাজৰিকাই ।

গাম্ভীৰ্য মুদৈ আৰু প্ৰাঞ্জল শইকীয়াই আঁত ধৰা সভাখন মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে পৰিৱেশন কৰা সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয় । নাৰায়ণপুৰ প্ৰেছ ক্লাৱৰ সভাপতি কুমুদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে অবসৰপ্ৰাপ্ত অধ্যক্ষ গিৰীশ ভূঞাই ।

সভাত বিশিষ্ট অতিথি হিচাপে হাৱাজান অম্বিকাগিৰী জাতীয় বিদ্যালয়ৰ ৰেক্টৰ কমল ফুকন, সাংবাদিক নেত্ৰজিৎ বৰা,যুৱ বক্তা নীতিশ দুৱৰাই অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত "আঞ্চলিকতাবাদ আৰু অসম" শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা আৰু কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে ।

নবপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিপুল কাকতীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বক্তৃতা প্ৰতিযোগিতাত জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰী অনুভূতি বৰুৱাই প্ৰথম আৰু তন্ময়ী বৰুৱাই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে বিকাশ মহন্তৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাত সমীৰণ শৰ্মা আৰু মধুস্মৃতা শৰ্মাই প্ৰথম আৰু নবপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । মুল সভাত বৃষ্টিপ্ৰিয়া শইকীয়া আৰু শান্তনু কৌশিক শইকীয়াই একোটিকৈ দেশপ্ৰেমমূলক গীত পৰিবেশন কৰি সমগ্ৰ পৰিবেশটো জীপাল কৰি তোলে ।।