মুখ্য-পৃষ্ঠা

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্রাবাসত আক্ৰমণৰ ঘটনাঃ নাৰায়ণপুৰ আৰক্ষী থানাৰ সমুখত উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয় ছাত্ৰাবাসত বুধবাৰে সন্ধিয়া সংঘটিত আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া বৃহস্পতিবাৰেও অব্যাহত আছে ।অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত আজি দুপৰীয়া বিশ্ববিদ্যালয় খনৰ কেবা শতাধিক ছাত্র-ছাত্ৰীয়ে নাৰায়ণপুৰ আৰক্ষী থানাৰ সমুখত তীব্র প্ৰতিবাদ সাব্যস্ত কৰে ।

কালিলৈ দিনৰ ১২ বজা ভিতৰত আতাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ শেষ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে । অন্যথা পৰৱৰ্তী সময়ত তীব্র গনতান্তিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ছাত্র-ছাত্ৰী সকলে । আনহাতে অভিযুক্তক গ্ৰেপ্তাৰ কৰা আৰু বিশ্ববিদ্যালয় চৌহদৰ লগতে ছাত্রাবাসৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত শিক্ষক সমাজে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে শিক্ষক সমাজে ।

উল্লেখ্য যে বুধবাৰে সন্ধিয়া বিশ্ববিদ্যালয় খনৰ ছাত্ৰাবাসত এটা ৩০ জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে হাতে হাতে জাঠি-জোং লৈ প্ৰবেশ কৰি কেবাজনো আবাসী ছাত্ৰৰ লগতে ছাত্ৰাবাসটোৰ তদাৰকী শিক্ষক গৰাকীকো মাৰধৰ কৰিছিল । দুৰ্বৃত্তৰ দলটোৱে লণ্ড-ভণ্ড কৰিছিল ছাত্ৰাবাসৰ সামগ্ৰী । উক্ত ঘটনাত তোলন পেগু, ধৰ্মেন্দ্ৰ বৈশ্য,কৰ্ণৱ পেগু, পংকজ দলে আৰু অনু তানি টাইদ নামৰ ছাত্র কেইজন আহত হৈ চিকিৎসাধীন হ'ব লগা হৈছিল ।

ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষীয়ে বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজে সমগ্ৰ ঘটনা সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰখাৰ সমান্তৰালকৈ প্ৰনৱ দেউৰী নামৰ এজন অভিযুক্তক আটক কৰিছে । আনহাতে নাৰায়ণপুৰ আৰক্ষী থানাত লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰনৱ কুমাৰ পেগূ উপস্থিত হৈ সমগ্ৰ তদন্ত প্ৰক্ৰিয়া তদাৰক কৰিছে আৰু শীঘ্ৰে কেউজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছ ।