মুখ্য-পৃষ্ঠা

অসমীয়া ভাষা সাহিত্যৰ নিৰৱ সাধক,গৱেষক, অধ্যাপক যোগেন তামুলীৰ দেহাৱসান, নাৰায়ণপুৰত গভীৰ শোক…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: নাৰায়ণপুৰৰ উজ্জ্বল নক্ষত্ৰ তথা সম্ভাৱনাময় এটা অনুষ্ঠানৰ আকস্মিক মৃত্যু । উত্তৰ অসমৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান মাধৱদেব বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক,অসমীয়া ভাষা সাহিত্যৰ নিৰৱ সাধক, গবেষক তথা স্থানীয় জৰাবাৰী নিবাসী যোগেন তামুলীৰ মঙলবাৰে দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অবস্থাত মৃত্যু হয় ।

উল্লেখ্য যে যোৱা ১৪ ছেপ্তেম্বৰৰ নিশা নিজা বাসগৃহৰ স্নানাগাৰত হঠাতে পিছলি পৰি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা তামুলীক ততাতৈয়াকৈ ধলপুৰ গ্ৰাম্য চিকিৎসালয়লৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নিয়াৰ পৰামৰ্শ দিয়াত পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰস্থিত এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱায় ।

গুৰুতৰভাবে অসুস্থ তামুলীক চিকিৎসালয় খনৰ আই চি ইউত ৰখাৰ ৫ দিন পিছত স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাৰ তৎপৰতাত গুৱাহাটীৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয় । আকস্মিক দূৰ্ঘটনাত পতিত হৈ অসুস্থ হৈ পৰা যোগেন তামুলী একেধাৰে কবি,সাহিত্যিক,নিবন্ধকাৰ,গবেষক আছিল । উল্লেখ্য যে সকলোৰে আপোন মানুহ জনৰ আকস্মিক দুৰ্ঘটনাৰ পিছতে বিভিন্ন অনুষ্ঠান,ব্যক্তি,গুনমুগ্ধই আশুআৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনায়ছিল।

এই গৰাকী সমাজ সচেতন ব্যক্তিয়ে বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী অতিক্ৰম কৰাৰ পিছত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে জন্মলগ্নৰ বাতৰি কাকত,বিভিন্ন আলোচনী,স্মৃতি গ্ৰন্থ,আদি সংগ্ৰহ কৰি সংৰক্ষণৰ উদ্দেশ্যে নিজা বাসগৃহত " মেগাজিয়াম " নামৰ এক সংগ্ৰহালয় স্থাপন কৰিছিল । সম্প্ৰতি লক্ষাধিক বাতৰি কাকত,আলোচনীকে আদি কৰি অতি প্ৰয়োজনীয় পুথি-পাঁজি সমুহ এই মেগাজিয়ামত সংৰক্ষিত হৈ আছে ।

আনহাতে প্ৰয়াত তামুলীয়ে একাংশ লোকৰ সহযোগত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীক লৈ এটি ওৱেৱচাইট মুকলি কৰি যাৱতীয় কামকাজ চলাই থকাৰ লগতে কেবাখনো গৱেষণামুলক গ্ৰন্থ সম্পাদনা কৰাৰ উপৰি বিভিন্ন অনুষ্ঠানৰ স্মৃতি গ্ৰন্থৰো সম্পাদনা কৰিছিল । প্ৰয়াত তামুলী নাৰায়ণপুৰ প্ৰেছ ক্লাবে প্ৰকাশৰ প্ৰস্তুতি চলোৱা " বৰ নাৰায়ণপুৰ " শীৰ্ষক গ্ৰন্থ খনৰো সম্পাদনাৰ দায়িত্বত আছিল ।

তেওঁ মৃত্যুৰ সময়ত পত্নী, দুগৰাকী কন্যা, পিতৃ-মাতৃ, দুগৰাকী ভাতৃ আৰু এগৰাকী ভগ্নী সহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে । সম্পূৰ্ণ ৩৮ দিনৰ আই চি ইউ চিকিৎসাৰ অন্তত ইহসংসাৰ ত্যাগ কৰা সকলোৰে আদৰৰ ব্যক্তি গৰাকীৰ মৃত্যুত মাধৱদেৱ বিশ্ববিদ্যালয় শিক্ষক-কৰ্মচাৰী গোট আৰু ছাত্ৰ একতা সভা,মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান পৰিচালনা সমিতি,নাৰায়ণপুৰ প্ৰেছ ক্লাব,সাহিত্য সভা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা আৰু নাৰায়ণপুৰ আঞ্চলিক সমিতি,আছু,জ্যোতি সংগম সমিতি,কৰ্মচাৰী পৰিষদ,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা সমিতি,নটসূৰ্য নাট্য সমাজ,নাৰায়ণপুৰ কাব্য কানন,লখিমপুৰ জিলা কবি সন্মিলন, টিম হিউমেনীতি,শংকৰদেৱ মহাবিদ্যালয়কে ধৰি লখিমপুৰ জিলাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিস্থানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।