মুখ্য-পৃষ্ঠা

নাৰায়ণপুৰত অবৈধ চুলাই-অৰুণাচলী মদৰ বিৰোদ্ধে ওলাই আহিল মহিলা…

asomiyapratidin

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ভোলাবৰি গাঁও পঞ্চায়ত এলেকাত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ চুলাই আৰু অৰুণাচলী মদৰ বিৰোদ্ধে ওলাই আহিল মহিলা। স্থানীয় ভৰপুৰ নাৰি সুৰক্ষা সমিতিৰ নেতৃত্বত ওলাই আহিল মহিলা সকল। অঞ্চলটোত দীৰ্ঘদিন ধৰি চুলাই আৰু অৰুণাচলী মদৰ অবৈধ ব্যৱসায় চলাই অহা ৩০ টাৰো অধিক পৰিয়ালক শীঘ্ৰে উক্ত অবৈধ ব্যৱসায় বন্ধ কৰিবৰ বাবে জাননী জাৰি কৰে মহিলা সকলে।

মহিলা সকলৰ দাবী আৰক্ষী আৰু আবকাৰী বিভাগৰ লগত থকা গোপন বুজাবুজিৰে একাংশ লোকে অঞ্চলটোত দীৰ্ঘদিন ধৰি চলাই আহিছে অবৈধ বেহা। অসম-অৰুণাচল সীমান্তৰ দোৰপাঙ চেন্টাৰত থকা অৰুণাচলী মদৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা কম দামত সুৰা ক্ৰয় কৰি আনি অঞ্চলটোত নিতৌ অবাধ হাৰত বিক্ৰী আহিছে এই সকল লোকে। পৰিণতিত সমগ্ৰ অঞ্চলটোতে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। মহিলা সকলে জাননী খনৰ জৰিয়তে অবৈধ ব্যৱসায় বন্ধৰ বাবে তিনি দিনৰ সময়সীমা বান্ধি দিছে। অন্যথা পৰৱৰ্তী সময়ত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও সকিয়াই দিছে মহিলা সকলে।