মুখ্য-পৃষ্ঠা

সত্ৰৰত্ন, বৈষ্ণৱ পণ্ডিত ড° নাৰায়ন চন্দ্ৰ গোস্বামীৰ বিয়োগত শোকস্তদ্ধ অসংখ্য অনুগামীঃ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ…

asomiyapratidin

ডিজিটেল ডেস্কঃ শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক সত্ৰৰত্ন, সংস্কৃতি ভূষন আদি অসংখ্য সন্মানেৰে বিভূষিত পণ্ডিত প্ৰবৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাজুলী নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ তথা মধুপুৰ সত্ৰ সমিতিৰ উপদেষ্টা বৈষ্ণৱ পণ্ডিত ড° নাৰায়ন চন্দ্ৰ গোস্বামীদেৱৰ আজি দেহৱসান ঘটে ৷ গোস্বামীৰ মৃত্যুত প্ৰাক্তন সাংসদ তথা অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে শোক ব্যক্ত কৰে।

তেওঁ কয়, তেখেতৰ মৃত্যুত অসমৰ সত্ৰীয়া সাংস্কৃতিক ক্ষেত্ৰ খনত এক অপুৰণীয় ক্ষতি হ'ল ৷ নৱ বৈষ্ণৱ আন্দোলনৰ এগৰাকী বিশিষ্ট কাণ্ডাৰী পূজ্যস্পাদ গোস্বামী দেৱৰ বিদেহি আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত তেখেতৰ পৰিয়াল তথা অনুগামি সদৌটিকে সমবেদনা জ্ঞাপন কৰিলোঁ ৷

ইফালে বৈষ্ণৱ পণ্ডিত বিয়োগত শোক ব্যক্ত কৰে নগাঁও জিলা সত্ৰ মহাসভাইয়ো। এক প্ৰেছ বিবৃত্তি যোগে শোক ব্যক্ত কৰি কয়, বিশিষ্ট বৈষ্ণৱ পণ্ডিত, সত্ৰীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তি, বিদগ্ধ সংস্কৃত পণ্ডিত, শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক, শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰভুজনাৰ বিয়োগত অসম সত্ৰ মহাসভাৰ দক্ষিণ-মধ্য মণ্ডল আৰু নগাঁও জিলা সত্ৰ মহাসভাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰভু জনাৰ আত্মাই বৈকুণ্ঠত স্থিতি লাভ কৰাৰ অৰ্থে ভগৱন্তৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনায়।

সত্ৰ মহাসভাৰ দক্ষিণ মধ্য মণ্ডলৰ উপ সভাপতি শ্ৰীযুত দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী আৰু নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি ডাঃ কেশৱানন্দ গোস্বামী দেৱে প্ৰভুজনাৰ বিয়োগ সত্ৰীয়া তথা অসমৰ বৌদ্ধিক জগত খনৰ বাবে এক অপুৰনীয় ক্ষতি বুলি উল্লেখ কৰে‌। প্ৰভুজনাৰ মাজুলী অভিমূখী অন্তিম যাত্ৰা পথত নগাঁৱৰ উৰিয়াগাৱত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব।