namrup
namrup  
মুখ্য-পৃষ্ঠা

নামৰূপৰ দেৱ মন্দিৰৰ পূজাৰীৰ আকস্মিক মৃত্যুকলৈ উত্তাল দেৱ মন্দিৰঃ পৰিচালনা সমিতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...  

Asomiya Pratidin

ডিজিটেল সংবাদ নামৰূপঃ নামৰূপৰ ঐতিহ্যমণ্ডিত দেৱ মন্দিৰৰ স্থায়ী পূজাৰী নৰেন্দ্ৰ প্ৰসাদ ডুবেৰ শনিবাৰে পুৱা আকস্মিক ভাবে হোৱা বিয়োগকলৈ অনুৰাগীসকলে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে দেৱ মন্দিৰ প্ৰাঙ্গনত । ঘটনাস্থলীত পৰিয়ালৰ লোক আৰু সমবেত হোৱা শতাধিক ভক্তই দিয়া ভাষ্য অনুসৰি তিনি পুৰুষ ধৰি নামৰূপ দেৱ মন্দিৰৰ পূজা পাঠ চাফ-চাফাই কৰি জীৱন নিৰ্বাহ কৰা ৬৭ বছৰীয়া প্ৰয়াত নৰেন্দ্ৰ নাথ ডুৱেক বিগত কিছুদিন ধৰি নতুনকৈ গঠন হোৱা পৰিচালনা সমিতিয়ে বিভিন্ন ধৰণেৰে  মানসিক অশান্তি দি আহিছিল।  

সুদীৰ্ঘদিনে কেৱল মন্দিৰত ভক্তসকলে আগবঢ়োৱা দান বৰঙণিৰে পেট প্ৰবৰ্তোৱা পূজাৰীজনক দান পাত্ৰৰ টকা কেতিয়াও পৰিচালনা সমিতিয়ে ল'বলৈ নিদিয়াৰ লগতে মন্দিৰ এৰি যাবলৈ বাৰে বাৰে হুমকি দিয়ে। অৱশেষত মন্দিৰ এৰি যোৱাৰ সিদ্ধান্তৰে ৭ অক্টোবৰত ৰেলৰ টিকট কৰে প্ৰয়াত পূজাৰী গৰাকীয়ে। 

কিন্তু পূজাৰীগৰাকীয়ে মন্দিৰ এৰি যাবলৈ ওলোৱা খবৰ বিয়পি পৰাৰ লগে লগে মন্দিৰৰ লগত জড়িত শতাধিক ভক্ত কালি মন্দিৰত সমবেত হৈ পূজাৰী গৰাকীয়ে মন্দিৰ এৰি যোৱা বিষয়টোত বাধা প্ৰদান কৰি ৰেলৰ টিকট বাতিল কৰায়। দুভাগ্যজনক যে, ইয়াৰ পিছতে পৰিচালনা সমিতিৰ তৰফৰ পৰা ফোন কৰি বাৰম্বাৰ মন্দিৰ এৰি যাবলৈ হুমকি দিয়াত বয়োজ্যেষ্ঠ পূজাৰীগৰাকী অস্বস্তিত পৰে আৰু সন্ধিয়া লৈ স্বাস্থ্যৰ অৱনতি ঘটে। 

ক্ৰমে শ্বাস প্ৰশ্বাস লোৱাটো কষ্ট অনুভৱ কৰে । অৱশেষত পুৱতি নিশা স্বাস্থ্যৰ অধিক অৱনতি ঘটাত মন্দিৰত সমবেত হৈ থকা একাংশই  তেঁওক বি ভি এফ চি হাস্পিতাললৈ নিয়ে যদিও কিছু সময়ৰ পিছতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

পূজাৰীগৰাকী বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে মন্দিৰত লোকে লোকৰণ্য হৈ পৰি পূজাৰীগৰাকীৰ ওপৰত কৰা দূৰ ব্যৱহাৰৰ বিৰুদ্ধে পৰিচালনা সমিতিৰ ওপৰত সৰৱ হৈ পৰে ৰাইজ । সমিতিৰ উপ-সভাপতি আৰ এন তেৱাৰীক মন্দিৰত প্ৰৱেশত বাধা প্ৰদান কৰে উত্তেজিত ৰাইজে। 

পৰিচালনা সমিতিৰ সভাপতি হিচাপে থকা বি ভি এফ চি এলৰ মুখ্য পৰিচালন সঞ্চালক শিৱ প্ৰসাদ মাহান্তিকো দোষাৰোপ কৰে ৰাইজে। সমবেত ৰাইজে সম্পাদক কুশল কাণ্ডা ওৰফে বাবলু কাণ্ডা  আৰু উপ-সভপতি আৰ এন তেৱাৰী আৰু বি ভি এফ চি এলৰ বিষয়া পি কে সিঙে প্ৰতিদিনে কৰা মানসিক অত্যাচাৰৰ ফলতে অতিষ্ঠ হৈ  পূজাৰী গৰাকীৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে। 

বিয়লিলৈ পৰিস্থিতি নিয়ন্ত্ৰিত হোৱাৰ পিছত নামৰূপ ৰেল ষ্টেচনৰ সমীপৰ শ্মশানত শ শ ৰাইজৰ উপস্থিতিত নৰেন্দ্ৰ প্ৰসাদ ডুবেৰ শেষকৃত্য সমাপন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ অসুখীয়া পত্নী তিনি গৰাকী পুত্ৰ বোৱাৰী আৰু এগৰাকী বিবাহিতা কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে ।