মুখ্য-পৃষ্ঠা

যুৱ সমাজকৰ্মী,অভিনেতা দিলীপ কুমাৰ দাসলৈ ‘ডঃ এ পি জে আব্দুল কালাম বঁটা’…

asomiyapratidin

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ চিকিমৰ গেংটক চহৰৰ পঞ্চ তাৰকা হোটেল চুমিতত  দেওবাৰে  সমতা সাহিত্য একাডেমীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন  ব‍্যক্তিয়ে নিজ নিজ কৰ্মক্ষেত্ৰত বিশেষভাৱে সক্ষমতা দেখুওৱা  সকলক  ডঃ এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা  প্ৰদান কৰা হয় ।

এই বটাঁ প্ৰদান কৰা সকলৰ  ভিতৰত অসমৰ  নলবাৰী চহৰৰ যুৱ সমাজ কৰ্মী, বিশিষ্ট অভিনেতা দিলীপ কুমাৰ দাসেও  এই বঁটা লাভ কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।যুৱ সমাজ কৰ্মী, অভিনেতা দিলীপ কুমাৰ দাসক ডঃ এ পি জে আব্দুল কালাম ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে ভূটান ৰৱেল চৰকাৰৰ শিক্ষা আৰু উন্নয়ন মন্ত্ৰী  ঠাকুৰ এচ পাউডেলে ।

উক্ত অনুষ্ঠানত চিকিম বিধান সভাৰ অধ‍্যক্ষ আৰু স্বাস্থ্য মন্ত্ৰী ডঃ এম কে.শৰ্মা, চিকিম লোকসভাৰ সাংসদৰ উপৰিও কেইবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে যুৱ সমাজ কৰ্মী,তথা অভিনেতা দিলীপ কুমাৰ দাসে বিগত বহু বছৰ ধৰি বিভিন্ন সমাজিক কাম কাজৰ উপৰিও দুখীয়া ছাত্র ছাত্ৰীক সহায়ৰ হাত আগবঢ়োৰ লগতে অসমৰ অভিনয় জগতত বিশেষ দখল কৰিবলৈ সক্ষম হৈছে।