মুখ্য-পৃষ্ঠা

ভোগালী বিহুৰ দিনাই নগাঁৱৰ ন-সত্ৰত মহিলাৰ মৃতদেহ উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি ভোগালী বিহুৰ দিনা নগাঁও জিলাৰ ন-সত্ৰত সংঘটিত হৈছে এক হত্যাকাণ্ড। ৰিংকু মণি কলিতা নামৰ এগৰাকী মহিলাৰ মৃতদেহ নিজ গৃহৰ পিছফালে মাটিত পুতি থোৱাৰ অৱস্থাত ৰাইজে উদ্ধাৰ কৰে। নিজ স্বামী কিৰণ কলিতাই হত্যা কৰি পুতি থোৱা সন্দেহ স্থানীয় ৰাইজৰ। সঘনাই হোৱা ঘৰুৱা কন্দলৰ বাবেই স্বামীয়ে এই হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। হত্যাকাৰী জনৰ পৰিয়াৰলৰ লোকো এই হত্যাত জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। হত্যাকাৰীক ফাঁচী দিয়াৰ লগতে এই হত্যাৰ লগত জড়িত থকা সকলক উচিত শাস্তি দিয়াৰ দাবী জনায় ৰাইজে। ইতিমধ্যে জাজৰি আৰক্ষীয়ে কৰায়ত্ত কৰিছে স্বামী কিৰণ কলিতাক।