মুখ্য-পৃষ্ঠা

আমাক ভাত দিয়ক, নহলে গুলিয়াই মাৰকঃ প্ৰতিবাদ কৰি কৰি কান্দি পেলালে এদল শিক্ষকে…

asomiyapratidin

ডিজিটেল সংবাদ, নগাওঁঃ নগাঁও জিলাৰ টকৌবাৰীত সদৌ অসম উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পদ প্ৰদেশীকিকৰণৰ পৰা বঞ্চিত শিক্ষক কল্যাণ সমিতিয়ে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰ। বিগত ৫ ফ্ৰেব্ৰুৱাৰীত অসম চৰকাৰে অপ্ৰাদেশিকৃত বিদ্যালয়ত কৰ্মৰত কিছুসংখ্যক শিক্ষকক টিউটৰ হিচাপে নিযুক্তি দিয়ে যদিও উক্ত বিদ্যালয় সমূহত ২০-২৫ বছৰ ধৰি শিক্ষা দান কৰা বহু শিক্ষকক বঞ্চিত কৰে।

উক্ত পদ প্ৰাদেশীকীকৰণৰ পৰা বঞ্চিত শিক্ষক সকলে প্ৰতিবাদী কাৰ্য্যসূচীত কান্দি – কান্দি সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী লৈ কাতৰ আহবান জনাই – "আমাক ন্যায় দিয়ক, আমাক ভাত দিয়ক, নহলে গুলিয়াই মাৰক, আমাৰ দাবী ন্যায দাবী, আমাৰ দাবী মানি লওঁক, আমাৰ দাবী প্ৰাপ্য, আমাৰ কি দোষ আছিল, আমাক কিয় বঞ্চিত কৰিছে, আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পদ প্ৰদেশীকিকৰণৰ পৰা বঞ্চিত শিক্ষক কল্যাণ সমিতিৰ সভাপতি ঠগীৰাম নাথে "আজি আমি সমাজৰ সন্মুখত লজ্জিত, চৰকাৰেে আমাৰেই একাংশ সতীৰ্থক পদমৰ্যদা প্ৰদান কৰিছে আৰু আমাক বঞ্চিত কৰিছে।

মানৱ সম্পদ গঢ়া কামত ব্ৰতী হৈ নিষ্ঠা সহকাৰে দীৰ্ঘদিন শিক্ষাদান কৰিও আজি আমি দিশহাৰা হৈ পৰিছো।" বুলি মন্তব্য প্ৰদান কৰে। নগাঁও জিলাৰ পশ্চিমাঞ্চলত অৱস্থিত টকৌবাৰী ভদৰাম ৰাজবংশী মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫০ গৰাকী পদ প্ৰদেশীকিকৰণৰ পৰা বঞ্চিত শিক্ষকে এনেদৰে আবেগিক হৈ চৰকাৰক অতি কম সময়ৰ ভিতৰতে তেওঁলোকৰ পদ সমূহ প্ৰদেশীকিকৰণৰ কৰিবলৈ আহ্বান জনাই। প্ৰতিবাদী কাৰ্য্যসূচীত সদৌ অসম উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পদ প্ৰদেশীকিকৰণৰ পৰা বঞ্চিত শিক্ষক কল্যাণ সমিতিৰ সম্পাদিকা পূৰবী কলিতা শইকীয়া, সহসম্পাদক টিকেন কলিতাকে প্ৰমুখ্য কৰি বিভিন্ন প্ৰান্তৰ ৫০ গৰাকী শিক্ষকে অংশ গ্ৰহণ কৰে।