মুখ্য-পৃষ্ঠা

নগাওঁ আছুৰ কাৰ্যালয়ত চোৰ…

asomiyapratidin


ডিজিটেল সংবাদ, নগাঁও: সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বুধবাৰৰ নিশা চোৰে চাফাই অভিযান চলায় ।বুধবাৰে নিশা চোৰে আছুৰ কলঙপাৰৰ কাৰ্যালয়ৰ ভেন্টিলেটৰ ভাঙি কাৰ্যালয়টোৰ ভিতৰত প্ৰবেশ কৰে ৷ কাৰ্যালয়ৰ আচবাব লণ্ড ভণ্ড কৰি চোৰে এটিটেলিভিচন ভাঙি পেলায় ৷ কম্পিউটাৰৰ কোঠাত প্ৰবেশ কৰে যদিও কোনো যন্ত্ৰাংশ নিয়া নাই বুলি আছুৰ সুত্ৰত প্ৰকাশ ৷ নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালৰ কাষতে নগাঁও আছুৰ কাৰ্যালয়ত চোৰ প্ৰবেশ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ সৰ্ন্দভত জিলা আছুয়ে এজাহাৰ দাখিল কৰিছে ৷