মুখ্য-পৃষ্ঠা

নগাঁৱৰ কচুৱাৰ পণ্ডিতঘাটত নাওঁ দুৰ্ঘটনা, বৰ্তমানেও সন্ধানহীন ২ জন লোক… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কচুৱাঃ নগাঁৱৰ কচুৱাৰ পণ্ডিতঘাটত সংঘটিত হৈছে এক কৰুণ ঘটণা ।নৌকা দুৰ্ঘটণাত নিখোজ দুজনৰ ।জানিব পৰা মতে কৰ্মৰ সূত্ৰে ডিমাপুৰত থকা জুৰিপাৰৰ এটা তেৰজনীয়া পৰিয়ালে ঘৰলৈ উভতাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয় ।

উল্লেখ্য বুধবাৰে এন আৰ চিৰ কামৰ বাবে পৰিয়ালটো ঘৰলৈ আহিছিল ।পৰিয়ালটোৱে পণ্ডিতঘাটৰে বৰপানী নৈ পাৰ হৈ জুৰিপাৰৰ ঘৰলৈ আহিব বিচাৰোতে এই দুৰ্ঘটনাটো সংঘটিত হয় ।স্থানীয় লোকে এঘাৰ জন লোকক উদ্ধাৰ কৰে যদিও বৰ্তমানো নিখোজ চুফিয়া খাতুন (৩৫)আৰু ইয়াচমিনা খাতুন(৩) ।

ইফালে মঙলবাৰে বিয়লি সংঘটিত ঘটণাটোৰ ঘটনাস্থলীত বুধবাৰৰ পুৱা ১০ বজালৈকে উদ্ধাৰকাৰী দল আৰু আৰক্ষী উপস্থিত নোহোৱাত স্থানীয়লোক ক্ষোভিত হৈ পৰিছিল যদিও বিয়লি বেলালৈ ডুবাৰু দল উপস্থিত হৈ অভিযান চলাইছে নিখোজ শিশু মহিলাক উদ্ধাৰ হোৱা নাই ।