মুখ্য-পৃষ্ঠা

নগাঁৱৰ ধূপগুৰি গাঁৱত ইছলাম ধৰ্মৰ ধৰ্মীয় গুৰু মুফতিৰ মুক্তিৰ দাবীত স্থানীয় ৰাইজ আৰু উলেমা সমাজৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ধূপগুৰি গাঁৱত আজি এগৰাকী ইছলাম ধৰ্মৰ ধৰ্মীয় গুৰু মুফতিৰ মুক্তিৰ দাবীত স্থানীয় ৰাইজ আৰু উলেমা সমাজে প্ৰতিবাদ সাব্যস্ত কৰে। ধূপগুৰিৰ ৰাজপথত কৰা প্ৰতিবাদত মুফতি জহুৰ উদ্দিনক মুক্তই দিয়ক, উচিত তদন্ত কৰি জহুৰ উদ্দিনক ন্যায় প্ৰদান কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। উল্লেখ্য যে, নিজ ভতিজাকক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল জহুৰ উদ্দিন নামৰ এগৰাকী মুফতি।

গাঁওখনৰ জনপ্ৰিয়, সৰবৰহী মুফতি গৰাকী গ্ৰেপ্তাৰ হোৱাৰ পাছতেই আজি শ শ ৰাইজ আৰু উলেমা সমাজ ৰাজপথত উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। ধূপগুৰি ৰাইজৰ দাবী পাৰিবাৰিক কন্দলৰ বাবেই মুফতি জহুৰ উদ্দিনক নিজ ভতিজাকে মিছা অপবাদ দি ভুৱা গোছৰ তৰিছে। সেয়ে আৰক্ষী প্ৰশাসনে সঠিক ৰূপত তদন্ত কৰি মুফতি গৰাকীক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাই।

উল্লেখ্য যে, নিজ ভতিজাকে জহুৰ উদ্দিন মুফতিৰ বিৰোদ্ধে গোচৰ তৰাৰ পাছতে ধিং আৰক্ষীয়ে ৩ আগষ্টত গ্ৰেপ্তাৰ কৰি ৪ আগষ্টত জেল হাজোতলৈ প্ৰেৰণ কৰে। মুফতি উপাধিৰে বিভূষিত এগৰাকী ধৰ্মীয় গুৰুৰ বিৰোদ্ধে অনা এনে অপবাদ ইছলাম ধৰ্মৰ উলেমা সকলৰ মাজত ব্যাপক প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে।