মুখ্য-পৃষ্ঠা

দৰিদ্ৰতা বাধা হ’ব নোৱাৰেঃ নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে চন্দনে…

asomiyapratidin

ডিজিটেল ডেস্কঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ পৰীক্ষাত চন্দন বৰাই প্ৰমাণ কৰিলে দৰিদ্ৰতা কেতিয়াও মেধাৰ ক্ষেত্ৰত বাধা হব নোৱাৰে। চন্দন বৰা নামৰ ছাত্ৰজনে এইবাৰ বাণিজ্য শাখাত নৱম স্থানেৰে নগাওঁ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে।

মুঠ ৪৬১নম্বৰ লাভেৰে নৱম স্থান দখল কৰা চন্দনৰ পিতৃৰ নাম হৰেন বৰা আৰু মাতৃৰ নাম নমিতা বৰা। কৰ্মৰ সূত্ৰে তেওঁৰ পিতৃ থাকে হায়দৰাবাদত। কোম্পানীত চিকিউৰিটী গাৰ্ডৰ চাকৰি কৰা হৰেন বৰাই অতি কষ্টেৰে পুত্ৰক পঢ়াইছিল।

নগাঁৱৰ গীতাঞ্জলি জুনিয়ৰ কলেজৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ পৰীক্ষাত অৱৰ্তীণ হৈছিল চন্দন। তেওঁৰ ঘৰ নগাঁৱৰ উৰিয়াগাঁৱৰ পুতনিত।