মুখ্য-পৃষ্ঠা

বাঘবৰৰ মাজৰচৰত ভয়ংকৰ অগ্নিকাণ্ডত পাঁচ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত…

asomiyapratidin

ডিজিটেল সংবাদ, নগৰবেৰাঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ গাঁওত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । গাঁওখনৰ আয়নাল হকৰ পুত্ৰ আমিজুল হকৰ ঘৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত তেওঁৰ থকা ঘৰটো সম্পূৰ্ণৰূপে ভষ্মিভূত হোৱাৰ লগতে সমস্ত নথিপত্ৰও জাহ যায়।

অগ্নিকাণ্ডত এখন পালছাৰ বাইকো ভষ্মিভূত হোৱাৰ লগতে ভষ্মিভূত হয় নগদ ধনো । জুইত জাহ যোৱা ঘৰখনৰ পৰা এপদ সামগ্ৰীও উলিয়াব পৰা নাই গৃহস্থই। প্ৰায় ৫ লক্ষাধিক টকাৰ সা সম্পত্তি ভষ্মিভূত হোৱাৰ কথা ব্যক্ত কৰিছে প্ৰতিবেশীয়ে। দৰিদ্ৰ পৰিয়ালটো সম্প্ৰতি হতাশাত ভাগি পৰিছে।

অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ৰান্ধনীশালৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ ব্যক্ত কৰা হৈছে। স্থানীয় লোকে নিৰ্বাপিত কৰে অগ্নি। কথমপি ৰক্ষা পৰে আন কেইবাটাও পৰিয়ালৰ অতি কমেও ১০ টা গৃহ। এই অগ্নিকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে গাঁওখনত।