apsc
apsc 
মুখ্য-পৃষ্ঠা

অসম লোকসেৱাত ই ডব্লিউ এছৰ বিতৰ্কক লৈ সংবাদমেলৰ আয়োজন ভুক্তভোগীৰ পিতৃৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁওঃ অসম লোকসেৱাত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰমাণ পত্ৰ (ই ডব্লিউ এছ)ৰ এক বিতৰ্ক সন্দৰ্ভত এগৰাকী ভুক্তভোগীৰ পিতৃৰ সংবাদ মেলৰ আয়োজন। পিতৃগৰাকীয়ে কয় যে, "চয়নিকা হাজৰিকাৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰমাণ পত্ৰ ভুৱা নহয় ৷ দুটিকৈ সংগঠনে মানসিকভাৱে হাৰাশাস্তি কৰিছে আমাৰ পৰিয়ালটোক ৷ কূৎসা ৰচনা কৰিছে সংগঠন কেইটিয়ে ৷ জন মানসত হেয় প্ৰতিপন্ন কৰিছে ৷ চয়নিকাৰ ই ডব্লিউ এছ প্ৰমাণ পত্ৰৰ ওপৰত তদন্ত হওক ৷ তদন্তত প্ৰকৃত প্ৰমাণ পত্ৰ বুলি চিহ্নিত হোৱাৰ পিছত চয়নিকাৰ চাকৰি বৰ্তি থাকিলে আমাক সমাজত হেয় প্ৰতিপন্ন কৰা সংগঠন দুটিয়ে আমাৰ হেৰুওৱা সন্মান ঘূৰাই দিব পাৰিবনে ?" এই বুলি সংগঠন দুটাক প্ৰশ্ন কৰে অসম লোকসেৱা আয়োগত ৯৩ সংখ্যক স্থান লাভ কৰা নগাঁৱৰ চয়নিকা হাজৰিকাৰ পিতৃ গজেন হাজৰিকাই ৷

সংবাদ মেলত উল্লেখ কৰা অনুসৰি, শেহতীয়াকৈ ই ডব্লিউ এছৰ ভুৱা প্ৰমান পত্ৰৰে চয়নিকা হাজৰিকাই এ পি এছ চিত চাকৰি পোৱা বুলি দুটিকৈ সংগঠনে দাবী কৰি অভিযোগ উত্থাপন কৰিছিল ৷ চয়নিকা হাজৰিকাৰ পিতৃ গজেন হাজৰিকা ব্যৱসায়ী , ঠিকাদাৰ বুলি অভিযোগ কৰিছে সংগঠন দুটিয়ে ৷

এই অভিযোগ সন্দৰ্ভত গজেন হাজৰিকাই এক সংবামেল যোগে কয় যে, মই ব্যৱসায়ী নহয়, ঠিকাদাৰো নহয় ৷ মোৰ আঢ়ৈ কঠা কৃষিভূমি আছে আৰু এখন দুচকীয়া বাহন আছে ৷ অসম আন্দোলনৰে জৰিত হোৱাৰ লগতে ৪০টা বছৰে সামাজিক কাম কাজৰে জৰিত হৈ আহিছো ৷ চয়নিকাৰ ই ডব্লিউ এছৰ প্ৰমাণ পত্ৰৰ সন্দৰ্ভত সংগঠন দুটিয়ে যদি আমাৰ লগত যোগাযোগ কৰিলেহেতেন তেনেহ’লে সকলো তথ্য চাব পাৰিলেহেতেন ৷ তাকে নকৰি মিচা কথাৰে অপবাদ জাপি দি মানসিক শাস্তি দিয়াত কষ্ট পাইছো ৷ লগতে হাজৰিকাই কয় যে, ই ডব্লিউ এছ প্ৰমান পত্ৰ উলিওৱাৰ সময়ত তেওঁৰ শিক্ষয়িত্ৰী পত্নীৰ বছৰেকীয়া আয় ৮ লাখতকৈ কম আছিল ৷