মুখ্য-পৃষ্ঠা

অমানৱীয় ঘটনা! পত্নীৰ গৰ্ভত প্ৰহাৰ কৰি হত্যা সন্তানক, জ্বলাই দিলে আৱাসগৃহ…

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁও: ঋণগ্ৰস্ত হৈ শেহতীয়াকৈ এটা পৰিয়ালৰ মুৰব্বীজনে কৰা কৰ্মকাণ্ডই ৰাইজৰ চকু কপালত তুলিছে ৷ ঘটনাটো ঘটিছে নগাঁৱৰ শিমলুগুৰিত ৷ ঋণগ্ৰস্ত নোমল ডেকা নামৰ লোকজনে নিজৰ গৰ্ভৱতী পত্নীৰ গৰ্ভত থকা সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। নোমলে মজিয়াত পেলাই পত্নীৰ পেটত গোৰ সোধাই হত্যা কৰে গৰ্ভৰ সন্তানক ৷

ৰ্ভৰ সন্তানক গছকি হত্যা কৰা এই পাষৱিক ঘটনা সংঘটিত কৰাৰ পিছত অসুস্থ হৈ পৰে পত্নী ৷ পিছত গাবঁৰে একাংশ লোকে মহিলাগৰাকীক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলে ৷ পূৰ্বে এই ঘটনা সংঘটিত হোৱাৰ পিছত আজি নোমলে নিজৰ বাসভৱনটোত আগ্নিসংযোগ কৰি দিয়ে ৷ প্ৰথমে পত্নীক মাৰধৰ কৰে ৷ স্বামীৰ এই আক্ৰমণৰ পৰা নিজক ৰক্ষা কৰিবলৈ পত্নী গৰাকী ঘৰৰ ভিতৰৰ পৰা কোনোমতে পলাই যায় ৷

তাৰ পিছতে গৃহত অগ্নিসংযোগ কৰে নোমল ডেকাই ৷ অগ্নিসংযোগৰ ফলত বাসভৱনটোৰ অধিক অংশ জ্বলি চাই হৈ যায় ৷ গাওঁবাসীয়ে অগ্নিনিৰ্বাপক বাহিনী খবৰ দিয়াত আগ্নিনিৰ্বাপন বাহিনীয়ে ঘৰটোৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ স্থানীয় লোকৰ মতে আবাসগৃহটো জ্বলি থকা অবস্হাত ৰাইজে জুই নিৰ্বাপন কৰিবলৈ যাওঁতে গাওঁবাসীক আক্ৰমনৰ লক্ষ্য কৰি লয় অভিয়ুক্তজনে ৷

নোমলে বাসগৃহত জুই দি পিছফালৰ হাবিত আশ্ৰয় লৈ থাকে ৷ গাৱঁৰ লোকে হাবিৰ পৰা লোকজনক কৰায়ত্ত কৰি আনে ৷ একাংশ লোকৰ মতে নোমল ডেকা মানসিক ভাবে বিকাৰগ্ৰস্ত ৷ জুৱাত খেলি ঋণগ্ৰস্ত হৈ এনে ঘটনা সংঘটিত কৰিছে ব্যক্তিজনে ৷