মুখ্য-পৃষ্ঠা

বটদ্ৰৱাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা আৰু সম্বৰ্ধনা অনুষ্ঠান…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিৰ এখনি বিশেষ কাৰ্যনিৰ্বাহক সভা আৰু সম্বৰ্ধনা অনুষ্ঠান দেওবাৰে          অনুষ্ঠিত হয়। বটদ্ৰৱাৰ টুকটুকী প্ৰেছ ক্লাৱৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটিত সভাপতিত্বত কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ নগাঁও জিলাৰ সভাপতি ইন্দ্ৰেশ্বৰ নাথে।

 নগাঁও জিলাৰ সম্পাদক তৰুণ বৰাই আঁত ধৰা অনুষ্ঠানটিত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহ সম্পাদক প্ৰদীপ ডেকা, সাংগঠনিক সম্পাদক মুকুল কলিতা, সদস্য ৰাতুল ডেকা, নিতুমনি গোস্বামী, মোস্তাফ ছেলিম আহমেদ, মৰিগাঁও জিলাৰ সহ সম্পাদক মোহন হাজৰিকাকে প্ৰমুখ্য কৰি কেইবাগৰাকী সাংবাদিকে সাম্প্ৰতিক সময়ত ৰাজ্যত চলি থকা সাংবাদিক নিৰ্যাতন, তথা বিগত সময়চোৱাত সাংবাদিকৰ ওপৰত হোৱা অত্যাচাৰ, হত্যাৰ দৰে ঘটনা সমূহৰ বিশ্লেষণ কৰি চৰকাৰক সাংবাদিক সুৰক্ষাৰ দাবী তোলে।

 অনুষ্ঠানত শিক্ষা, সাহিত্য, সামাজিক ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱা কেইবাগৰাকী ব্যক্তি ক্ৰমে বটদ্রৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰা, বৰ্তমানৰ অধ্যক্ষ হবিবুৰ ৰহমান, অধ্যাপক ডঃ ত্ৰিদিৱ গোস্বামী, ধিঙৰ শশধৰ দেৱনাথ, ৰিংকুমনি বৰা, কটহগুৰিৰ আবুল কাছেমক গামোচা, প্ৰশস্তি পত্ৰৰে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।