মুখ্য-পৃষ্ঠা

নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিলে জগদীশ মুখীয়ে…

asomiyapratidin

ডিজিটেল সংবাদ বেকাজানঃ  নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছে অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে। শুকুৰবাৰে ৰাজধানী কহিমাৰ ৰাজভৱনৰ ড০ ইকনলিবা আও হলত প্ৰফেছৰ মুখীক নাগালেণ্ডৰ বিশ সংখ্যক ৰাজ্যপাল হিচাপে শপত বাক্য পাঠ কৰোৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ ছংখুপছুঙ ছেট্ৰোৱে।

 নাগালেণ্ডৰ অতিৰিক্ত দায়িত্ব লাভ কৰা নৱ নিযুক্ত ৰাজ্যপাল জগদীশ মুখীক ৰাজভৱনত আৰ আই বি এন জোৱানে গাৰ্ড অৱ অনাৰ দিয়ে। ৰাজ্যপালৰ এই শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ , উপমুখ্যমন্ত্ৰী ৱাই পাট্টন আৰু বিধানসভা অধ্যক্ষকে ধৰি বিষয়াসকল উপস্থিত থাকে। ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীক মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে এক টুইট বাৰ্তা অভিনন্দন জ্ঞাপন কৰে।