মুখ্য-পৃষ্ঠা

ঢকুৱাখনাত একেদিনাই ১০ খন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী নৱ দলেৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেই বৃহস্পতিবাৰে পুনৰ ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত একাধিক উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁ‌জিৰে আজি ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনা গাওঁ পঞ্চায়তৰ ১১১নং নামৰূপীয়া জালভাৰী প্ৰাথমিক বিদ্যালয়ৰ উন্নীতকৰণ আঁচনিকে ধৰি ৫১১ নং দুলীয়া বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ উন্নীতকৰণ আঁচনি, মধ্য ঢকুৱাখনা গাওঁ পঞ্চায়তৰ ২নং বান্তৌ প্ৰাথমিক বিদ্যালয়ৰ গৃহ মেৰামতি আঁচনি, গোঁহাইবাৰী মজলীয়া বিদ্যালয়ৰ গৃহ মেৰামতি আঁচনি, উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ মজিয়া নিৰ্মাণকাৰ্য, ৫০০ নং কোঁৱৰহটীয়া প্ৰাথমিক বিদ্যালয়ৰ ৰং দিয়া আৰু মজিয়া নিৰ্মাণকাৰ্য, মহেমাৰী প্ৰাথমিক বিদ্যালয়ৰ মজিয়া নিৰ্মাণকাৰ্য তথা শৌচাগাৰ,প্ৰস্ৰাৱগাৰ মেৰামতি ও বিদ্যুৎ সংযোগীকৰণ আঁচনিখনৰ শুভাৰম্ভ কৰে মন্ত্ৰী গৰাকীয়ে।

ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাৰ লগতে মহকুমা খণ্ড উন্নয়ন বিষয়া গোপাল শৰ্মা তথা ঢকুৱাখনাৰ জিলা বিজেপিৰ নেতা কৰ্মীয়ে সংগ দিয়া প্ৰতিটো শুভাৰম্ভনী অনুষ্ঠানত স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীৰ এই পদক্ষেপক শলাগ লোৱাৰ লগতে ঢকুৱাখনাবাসীৰ বিশেষকৈ অতি প্ৰয়োজনীয় তথা গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত ঢকুৱাখনা ধেমাজি সংযোগী মূল গৰকাপ্তানী পথটো অতি সোনকালে দুই লেন যুক্ত পথ হিচাপে নিৰ্মান কৰি মহকুমাবাসীৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিবলৈ আহ্বান জনায়।

আনহাতে আজি আৰম্ভ কৰা প্ৰতিটো কামক স্থানীয় ৰাইজক চোৱাচিতা কৰিবলৈ আহ্বান জনাই এই কামসমূহত ঠিকাদাৰে দুৰ্নীতিৰ আশ্ৰয় ললে মহকুমাধিপতি আৰু খণ্ড উন্নয়ন বিষয়া গৰাকীক কঠোৰ পদক্ষেপ লবলৈ নিৰ্দেশ প্ৰদান কৰে।।