মুখ্য-পৃষ্ঠা

নৱ দলেয়ে তৃতীয়বাৰৰ বাবে ঢকুৱাখনাত মাৰিলে শেষ হাঁহি…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা তৃতীয় বাৰৰ বাবে জয়ী হৈছে ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী নৱ কুমাৰ দলে । দেওবাৰে ঢকুৱাখনা মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হোৱা দিনজোৰা ভোট গণনাৰ অন্তত গেৰুৱা দলৰ প্ৰাৰ্থী গৰাকীয়ে প্ৰথম ৰাউণ্ডৰ পৰাই অগ্ৰগতি লাভ কৰি ২৪ ৰাউণ্ডৰ অন্তত সৰ্বমুঠ ৮৬ হাজাৰ ৩৮২ ভোট লাভ কৰি অন্তিম হাঁহি মাৰিবলৈ সক্ষম হয়।

গেৰুৱা দলৰ প্ৰাৰ্থী নৱ কুমাৰ দলেয়ে লাভ কৰে সৰ্বমুঠ ৮৬ হাজাৰ ৩৮২ টা ভোটৰ বিপৰীতে কংগ্ৰেছৰ মহা জোঁটৰ প্ৰাৰ্থী পদ্মলোচন দলেয়ে মুঠ ৭৬ হাজাৰ ৭৮৬ টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হয়। বিজয়ী প্ৰাৰ্থী নব দলে আৰু বিজিত প্ৰাৰ্থী পদ্মলোচন দলেৰ মাজত ভোটৰ ব্যৱধান হয় মুঠ ৯৫৯৬ টা। অন্যহাতে পোষ্টেল ভোট গণনাৰ অন্তত বিজেপিৰ নৱ দলেয়ে -১০১১ টা আৰু কংগ্ৰেছৰ পদ্মলোচন দলেয়ে -৮৬৩ টা পোষ্টেল ভোট লাভ কৰিবলৈ সক্ষম হয়।

ভোট গণনা প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্তি ঘটিছে আৰু বিজয়ী প্ৰাৰ্থী নৱ দলেক অনুষ্ঠানিক স্বীকৃতি প্ৰদানৰ পৰ্ব সম্পন্ন হৈছে। মুঠ ৩১২টা ভোট কেন্দ্রৰ মুঠ ১লাখ ৭১ হাজাৰ ৬৫৭ গৰাকী ভোটাৰে সাব্যস্ত কৰা ভোটাধিকাৰৰ সম্পূৰ্ণ ভোট গণনাৰ অন্তত সমষ্টিটোৰ পৰা পৰা প্ৰতিদ্বন্দিতা কৰা এছ ইউ চি আইৰ প্ৰাৰ্থী যুতিকা দলেয়ে লাভ কৰে ৯০৫ ভোট , অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী সত্যজিৎ ৰেগণে ২৯৮৮ , ভোটাৰ্ছ ইণ্টাৰনেছনেল পাৰ্টিৰ প্ৰাৰ্থী ললিত পেগুৱে ১৬২৯ ভোট লাভ কৰিবলৈ সক্ষম হয়। ইপিনে নটাত ভোট দান কৰে ১২৫৪ গৰাকীয়ে ।