মুখ্য-পৃষ্ঠা

ম্যানমাৰে ভাৰতক গতালে উত্তৰ পূৰ্বাঞ্চলৰ ৬ বিদ্ৰোহী সংগঠনৰ শীৰ্ষ নেতাসহ ২২ দুধৰ্ষ কেডাৰক

asomiyapratidin

ডিজিটেল সংবাদ, ৱাখাঃ চুবুৰীয়া দেশ ম্যানমাৰত দীৰ্ঘদিন ধৰি আশ্ৰয় গ্ৰহণ কৰি থকা উত্তৰ পূৰ্বাঞ্চলৰ ছয় বিদ্ৰোহী সংগঠনৰ শীৰ্ষনেতাসহ প্ৰায় ২২ গৰাকী দুৰ্ধষ কেডাৰক শুকুৰবাৰে ম্যানমাৰ চৰকাৰে ভাৰতৰ হাতত গতাই দিয়ে। জানিব পৰা মতে আজি বিয়লি ম্যানমাৰ চৰকাৰে এখন বিশেষ বিমানেৰে আনি উত্তৰ পূৰ্বাঞ্চলৰ এই দুধৰ্ষ বিদ্ৰোহীসকলক ইম্ফলত অসম আৰু মণিপুৰৰৰ নিৰাপত্তা সংস্থাক গতাই দিয়ে।

শুকুৰবাৰে গতাই দিয়া শীৰ্ষ বিদ্ৰোহী নেতাসকলৰ ভিতৰত আছে মষ্ট ৱাণ্টেট এন ডি এফ বি ছংবিজত গোটৰ গৃহ সচিব ৰাজেন দৈমাৰী, মণিপুৰৰ ইউ এন এল এফৰ কেপ্তেইন ছানাটম্বা নিংখথাউযাম, প্ৰিপাকৰ পশুৰাম লেইছাৰম। গতাই দিয়া বিদ্ৰোহীসকলৰ ভিতৰত আছে মণিপুৰৰ ইউ এন এল এফ, প্ৰিপাক, কে ৱাই কে এল আৰু পি এল এৰ ১২ গৰাকী আৰু এন ডি এফ বি এছ আৰু কে এল অৰ ১০ কেডাৰ আছে। উত্তৰ পূবৰ এই বিদ্ৰোহীসকলক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নিৰ্দেশত এনেদৰে ইম্ফলৈ অনা হৈছে বুলি প্ৰকাশ।