মুখ্য-পৃষ্ঠা

মুছলমানৰ সৈতে ৰামৰ কি সম্পৰ্ক? জনালে এইজন বিজেপি নেতাই

asomiyapratidin

ডিজিটেল ডেস্কঃ মুছলমানসকল ৰামৰ বংশধৰ। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ। মথুৰাৰ নওজিল অঞ্চলৰ এখন সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, 'মুছলমানসকল মোগল সম্ৰাট বাবৰৰ নহয়, ৰামৰহে বংশধৰ।'

ৰামৰ বংশধৰ মুছলমানসকলক অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণত সৰ্বতোপ্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াবলৈকো আহ্বান জনায় বিজেপিৰ নেতাগৰাকীয়ে।

নিজৰ ভাষণত তেওঁ কংগ্ৰেছকো আক্ৰমণৰ লক্ষ্য কৰি লয়। ৰাহুল গান্ধী প্ৰকৃত হিন্দু নহয় বুলিও তেওঁ দাবী কৰে। নিজকে শিবভক্ত বুলি প্ৰমাণ কৰিবলৈ চেষ্টা চলাই লাভ নাই বুলিও ৰাহুলক কটাক্ষ কৰে গিৰিৰাজে।

'প্ৰকৃত হিন্দু হ'লে বিদেশলৈ গৈ ৰাহুলে গো-মাংস খোৱা বন্ধ কৰিব লাগিব। নিৰ্বাচন আহিছে বাবে মন্দিৰলৈ গ'লেই হিন্দু হ'ব পৰা নাযায়।'- ৰাহুলক উদ্দেশ্যি নেতাগৰাকীৰ মন্তব্য।

ইফালে, গিৰিৰাজৰ এই মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে। মুখত যি আহে তাকে নকবলৈকো নেতাজনক সকীয়াই দিছে কংগ্ৰেছৰ কেবাগৰাকী জ্যেষ্ঠ নেতাই।