মুখ্য-পৃষ্ঠা

মন্দিৰ নিৰ্মাণৰ বাবে ২.৫ কোটি টকা মূল্যৰ ভূমি দান মুছলিম পৰিয়ালৰ…

asomiyapratidin

ডিজিটেল ডেস্ক: দেশত চলি থকা ধৰ্মীয় বিবাদৰ মাজতে বিহাৰৰ পৰা পোহৰলৈ আহিছে এক ভাল খবৰ। এটা মন্দিৰৰ বাবে ভূমি দান কৰিলে এটি মুছলমান পৰিয়ালে।

বিশ্বৰ সৰ্ববৃহত মন্দিৰ নিৰ্মাণৰ বাবে ২.৫ কোটি টকাৰ ভূমি দান কৰে পৰিয়ালটোৱে।বিহাৰৰ কৈঠৱালিয়াক নিৰ্মাণ হৈ থকা 'বিৰাত ৰামায়ণ মন্দিৰ'ৰ বাবে ভূমি দান কৰিলে পৰিয়ালটোৱে। সোমবাৰে মহাবীৰ মন্দিৰ ট্ৰাষ্টৰ প্ৰমুখ আচাৰ্য কিশোৰে এই কথা জনায়। তেওঁ কয় যে ইষ্টিয়াক আহমদ খান নামৰ লোকজনে দান কৰিছে ভূমি। তেওঁ বিহাৰৰ পূৱ চম্পাৰণত থাকে আৰু গুৱাহাটীত তেওঁৰ ব্যৱসায় আছে।

ইতিমধ্যে ইষ্টিয়াকে ভূমি দানৰ বাবে সকলো ধৰণৰ কাম সম্পূৰ্ণ কৰিছে। আচাৰ্য কিশোৰে কয় যে ইষ্টিয়াক আহমদ খানৰ এই কৰ্মই ভাতৃত্ববোধৰ এক বিৰল উদাহৰণ দাঙি ধৰিছে।