মুখ্য-পৃষ্ঠা

মোৰাঝাৰত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা, নিহত ট্ৰেক্টৰ চালক…

asomiyapratidin

ডিজিটেল সংবাদ মোৰাঝাৰ- হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ বান্দৰমেলা গাঁৱত শুকুৰবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ ট্ৰেক্টৰ দূৰ্ঘটনা। দুৰ্ঘটনাটোত ট্ৰেক্টৰ চালক থিতাতে নিহত হোৱা ঘটনাই অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে মোৰাঝাৰৰ উত্তৰ বান্দৰমেলা গাঁৱত জলসিঞ্চন নলাৰ উপৰেৰে মাটি কঢ়িয়াই নিয়াৰ সময়ত নলাৰ পাৰ ভাঙি পুখুৰীত বাগৰি পৰে মাটি ভৰ্তি এ এছ ২৫ বিচি ৬৮০৪ নম্বৰৰ ট্ৰেক্টৰ ফলত থিতাথেই নিহত হয় ট্ৰেক্টৰ চালক আব্দু শ্বহীদ (৩০) নামৰ লোকজনৰ।চালক আব্দু শ্বহীদৰ ঘৰ মোৰাঝাৰৰ ২নং শিৱপুৰ গাঁৱত বুলি জানিব পৰা গৈছে।

ঘটনাস্থলিত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ ট্ৰেক্টৰ খন জব্দ কৰাৰ লগতে চালক আব্দু চহিদৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও লৈ প্ৰেৰণ কৰিছে।