মুখ্য-পৃষ্ঠা

৪০টাকৈ বাটৰ কুকুৰক হত্যা কৰি কবৰ দিলে পৌৰ নিগমে, গোচৰ ৰুজু

asomiyapratidin

ডিজিটেল ডেস্কঃ তেলেংগানাৰ চিদ্দিপেটত পৌৰ নিগমে ৪০ টা বাটৰ কুকুৰক হত্যা কৰি কবৰ দিয়াৰ ঘটনা পোহৰলৈ অহাৰ পিছতে নিগমটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বন্যপ্ৰাণী সুৰক্ষা সংস্থাসমূহ। জিলাখনৰ বন্য প্ৰাণী সুৰক্ষা সংস্থাসমূহে পৌৰ নিগমৰ অভিযুক্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, শনিবাৰে চিদ্দিপেট পৌৰ নিগমৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে জিলাখনৰ বাটে ঘাটে ঘূৰি ফুৰা ৪০ টা কুকুৰক ধৰি আনি হত্যা কৰে। তাৰ পিছত কুকুৰ কেইটাৰ মৃতদেহ এক জাৱৰ পেলোৱা পৰিত্যক্ত অঞ্চলত কবৰ দিয়া হয়। ইফালে এই ঘটনা পৌৰ নিগমৰে এগৰাকী কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰাত ঘটনাটো পোহৰলৈ আহে।

জিলা আয়ুক্ত জোৱেল ডেভিছে সদৰি কৰা মতে, ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰা হৈছে। অৱশ্যে এতিয়ালৈকে কবৰ দিয়া কুকুৰ কেইটাৰ শৱদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জনায় আয়ুক্ত গৰাকীয়ে। ঘটনা যদি সঁচা প্ৰমাণিত হয়, তেন্তে দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰে জোৱেল ডেভিছে।