মুখ্য-পৃষ্ঠা

ক্ৰুজ ড্ৰাগছ পাৰ্টিৰ বিতৰ্কৰ মাজতে মুম্বাইত পুনৰ উদ্ধাৰ ২৫ কিলোগ্ৰাম ড্ৰাগছ…

asomiyapratidin

ডিজিটেল ডেস্কঃ মুম্বাইত চলি থকা ক্ৰুজ ড্ৰাগছ পাৰ্টি গোচৰৰ মাজতে ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ (ডি আৰ আই) এটা দলে মুম্বাই বন্দৰত অভিযান চলাই উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। মুম্বাইৰ বন্দৰত চলোৱা অভিযানত এটা পাত্ৰৰ পৰা ২৫ কিলোগ্ৰাম হেৰোইন ড্ৰাগছ উদ্ধাৰ কৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত এই ড্ৰাগছৰ মূল্য প্ৰায় ১২৫ কোটি টকা বুলি কোৱা হৈছে। বাতৰি অনুসৰি, নৱী মুম্বাইৰ এজন ৬২ বছৰীয়া ব্যৱসায়ী জয়েশ সংঘৱীক ডি আৰ আই ৰ মুম্বাই শাখাৰ অভিযানৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰকাশিত খবৰ মতে এই হেৰোইনখিনি ইৰাণৰ পৰা মুম্বাইলৈ চিনাবাদাম তেলৰ এটা সামগ্ৰীত লৈ অনা হৈছিল।