মুখ্য-পৃষ্ঠা

ৰাখে হৰি মাৰে কোনে! বিল্ডিঙৰ পৰা সৰি পৰি ১৪ মহীয়া এটি শিশু ওলমিলহি গছত…

asomiyapratidin

ডিজিটেল ডেস্কঃ মুম্বাইত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এটা অট্টালিকাৰ বেলকনীৰ পৰা তললৈ বাগৰি পৰে এটা ১৪ মহীয়া এটি শিশু। কিন্তু কথাতে কয় যে- 'ৰাখে হৰি মাৰে কোনে'। যেন ভগৱানেই প্ৰাণৰক্ষা কৰিলে শিশুটিৰ।

দৰাচলতে মুম্বাইৰ গোপী কৃষ্ণ বিল্ডিংটোৰ কাষতে আছে এডাল প্ৰকাণ্ড গছ। ১৪ মহীয়া শিশুটি বেলকনিৰ পৰা পাছত গছডালত পৰে। আৰু গছডালৰ ওপৰতে ওলমি ৰয়। যাৰফলত প্ৰাণৰক্ষা পৰে শিশুটিৰ। কিন্তু শিশুটিৰ হাত, ভৰি আৰু লিভাৰত গুৰুতভাৱে আঘাতপ্ৰাপ্ত হয়।

তাৰপাছত পিতৃ-মাতৃয়ে ততাতৈয়াকৈ গছডালৰ পৰা শিশুটিক নমাই লৈ যায় ফ'ৰ্টিছ হাস্পতাললৈ। জানিব পৰা মতে, চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতেই শিশুটিক আই চি ইউত ভৰ্তি কৰোৱা হয়। শিশুটিৰ লিভাৰত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু ইয়াৰ বাবে প্ৰয়োজন হৈছে তেজৰ।

শিশুটিৰ পিতৃ-মাতৃয়ে কয়- 'ঘটনা সংঘটিত হোৱাৰ দিনা শিশুটিয়ে ঘৰত খেলা-ধূলা কৰি আছিল। তাৰপাছত খেলি খেলি বেলকনিলৈ যোৱাৰ পাছত ভৰি পিচল খাই শিশুটি বিল্ডিঙৰ পৰা তললৈ সৰি পৰে আৰু গছডালত ওলমি ৰয়। কিন্তু ভগৱানৰেই কৃপাত আমাৰ সন্তানটি ৰক্ষা পৰিল।'