মুখ্য-পৃষ্ঠা

উৰ্দুত কথা পাতা ২ জনে সুধিছিল আম্বানীৰ এণ্টিলিয়াৰ ঠিকনাঃ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্দেহত বৃদ্ধি কৰা হ’ল নিৰাপত্তা…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃদ্ধি কৰা হৈছে মুকেশ আম্বানীৰ 'এণ্টিলিয়া'ৰ সুৰক্ষাকৰ্মী। মুম্বাই পুলিচ ব্যস্ত হৈ পৰিছে 'এণ্টিলিয়া'ক সুৰক্ষা দিয়াত। দেশৰ আটাইতকৈ ধনাধ্য ব্যক্তি উদ্যোগপতি মুকেশ আম্বানীৰ সুবৃহৎ অট্টালিকা এণ্টিলিয়া সন্ত্ৰাসবাদীৰ লক্ষ্য হ'ব পাৰে বুলি সন্দেহ কৰিয়েই নিৰাপত্তা ব্যৱস্থা অধিক কঠিন কৰা হৈছে।

শেহতীয়াকৈ আম্বানীৰ এণ্টিলিয়াৰ ঠিকনা বিচৰা দুজন সন্দেহজনক ব্যক্তিৰ এজনক আৰক্ষীয়ে আটক কৰিছে। বৰ্তমান তেওঁক আৰক্ষীয়ে সোধা-পোছা কৰি আছে। নৱী মুম্বাইৰ পৰা আটক কৰা লোকজনে এণ্টিলিয়াক চাবলৈ ঠিকনা বিচাৰি আছিল।

দৰাচলতে, সোমবাৰে এজন টেক্সি চালকে আৰক্ষীক মুকেশ আম্বানীৰ ঘৰৰ ঠিকনা সোধা সন্দেহজনক লোকসকলৰ বিষয়ে অৱগত কৰিছিল। চালকজনে আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কৈছিল দুজন মানুহে দুজনে উৰ্দুত কথা পাতি আছিল। ইয়াৰ পিছত এণ্টিলিয়াৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল।