মুখ্য-পৃষ্ঠা

৬ বছৰৰ পাছত মুজাফাৰপুৰ সংঘৰ্ষৰে জড়িত ৭ দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়

asomiyapratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে মুজফাৰপুৰ হত্যাকাণ্ডৰ দোষীক জিলা ন্যায়ালয়ে শাস্তি ঘোষণা কৰে। আপাৰ জিলা ক্ষেত্ৰৰ ন্যায়াধীশ হিমাংশু ভটনাগৰে ৭জন দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। ইয়াৰোপৰি প্ৰতিজন দোষীক ২ লাখ টকাকৈ জৰিমনা ভৰাৰো নিৰ্দেশ দিয়ে।

ন্যায়ালয়ে মুছফাৰপুৰ হত্যাকাণ্ডত নিহত গৗৰৱ আৰু শচীন নামৰ ব্যক্তিদুজনৰ হত্যাকাৰীক এই শাস্তি ঘোষণা কৰে। মুজাফাৰনগৰত সাম্প্ৰদায়িক সংঘৰ্ষ এই লোক দুজনৰ মৃত্যুৰ পাছতেই সংঘটিত হৈছিল। য'ত ৬৫জনৰো অধিক লোকক হত্যা কৰা হৈছিল। ন্যায়ালয়ৰ এই ৰায়ৰ বাবে জিলা প্ৰশাসন পূৰ্বৰে পৰা সাজু আছিল। প্রশাসনে আই পি চি ধাৰা ১৪৪ৰ লগতে ন্যায়ালয় পৰিসৰ সুৰক্ষাও বৃদ্ধি কৰিছে। স্থানীয় আদালতে ২০১৩ৰ মুজাফাৰনগৰ সংঘৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে দুজন লোকক হত্যা কৰাৰ ৭জনকৈ লোকক দোষী সাব্যস্ত কৰা হয়। ইয়াৰে এজন অভিযোগক আদালতত ভিডিঅ' কনফাৰেন্সযোগে উপস্থিত কৰোৱা হৈছিল।

ইফালে ন্যায়ালয়ে বুধবাৰে ৭জনক গৗৰৱ আৰু শচীনৰ হত্যাকাণ্ড সন্দৰ্ভত দোষী সাব্যস্ত কৰে। চৰকাৰী উকীল ৰাজীৱ শৰ্মাই ৬ ফেব্ৰুৱাৰীত জনায় যে- অতিৰিক্ত জিলা আৰু ক্ষেত্ৰ ন্যায়াধীশে ২৭ আগষ্ট, ২০১৩ত যুৱক কেইজনৰ হত্যাকাণ্ডৰে জড়িত ক্ৰমে- মুছম্মিল, মুজছিম, ফুৰকান, নদীম, জনাংগিৰ, আফজল আৰু ইকবালক দোষী সাব্যস্ত কৰে।

উল্লেখ্য যে, ২০১৩চনৰ ২৭ আগষ্টত কোটৱালী ক্ষেত্ৰৰ কৱাল গাঁৱত এই যুৱকদ্বয়ক হত্যা কৰা হৈছিল। যাৰপাছত মুজাফাৰনগৰৰ সংঘৰ্ষ সংঘটিত হয়। এই সংঘৰ্ষত ৬০জনৰো অধিক লোকে মৃত্যুক সাৱটিব লগা হৈছিল, বহু কেইটা পৰিয়াল গৃহহীন হৈছিল।