মুখ্য-পৃষ্ঠা

সদ্য ঘোষিত কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত প্ৰথমবাৰৰ কাৰণে স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰিব মহেন্দ্ৰ সিং ধোনীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ খেলপথাৰত নহয় ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী এতিয়া ব্যস্ত সামৰিক প্ৰশিক্ষণত। যোৱা কিছুদিন ধৰি জম্ম-কাশ্মীৰত ভাৰতীয় সেনাৰ সৈতে প্ৰশিক্ষণ লৈ থকা ধোনীয়ে সমাগত স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰিব লাডাখত। সদ্য ঘোষিত কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত প্ৰথমবাৰৰ কাৰণে স্বাধীনতা দিৱসত পতাকা উত্তোলনৰ সুযোগ লাভ কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে। উল্লেখ যোগ্য যে ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছত লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে।