মুখ্য-পৃষ্ঠা

মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ দৰিদ্ৰলৈ বস্ত্ৰ উপহাৰ…

asomiyapratidin

ডিজিটেল সংবাদ,মথুৰাপুৰঃ মাঘৰ বিহু উপলক্ষত চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ স্বেচ্ছাসেৱী সংগঠন চ'ছিয়েল ৱেলফেয়াৰ গ্ৰুপে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে ৷ স্বেচ্ছাসেৱী সংগঠনটোৱে আজি মথুৰাপুৰ মাজগাঁৱত অৰ্দ্ধ শতাধিক দৰিদ্ৰলৈ বস্ত্ৰ উপহাৰ আগবঢ়াই।

উল্লেখ মথুৰাপুৰ চ'ছিয়েল ৱেলফেয়াৰ নামৰ স্বেচ্ছাসেৱী সংগঠটোৱে ধাৰাবাহিক ভাৱে সাধ্যানুসাৰে অতি ভিতৰুৱা তথা দুৰ্গম অঞ্চল বসবাস কৰা লোকৰ মাজত সংগঠনটোৱে পুৰুষ-মহিলাৰ লগতে কণ কণ ল'ৰা-ছোৱালীয়ে পৰিধান কৰিব পৰা বিভিন্ন সাজপাৰ বিতৰণ কৰি আছে ৷

উক্ত কাৰ্যসূচী অংশ স্বৰূপে আজি গ্ৰুপটোৰ কৰ্মকৰ্তা সকলে মাজগাওঁ জংঘল ভকত গাৱঁত অতি পিছপৰা আৰু আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ মাজত মাঘ বিহু উপলক্ষে অঞ্চল সমুহৰ দৰিদ্ৰ লোকসকলৰ মাজত বস্ত্ৰ বিতৰণৰ এক কাৰ্যসূচী হাতত লয় ৷ এই কাৰ্যসূচীত গ্ৰুপটোৰ উপদেষ্টা জুৱেদ আলি,ৰাধু চৌধুৰী, সদস্য ক্ৰমে প্ৰণৱ বৰগোহাঁই,বাসুদেৱ কুমাৰ আৰু সীমান্ত গগৈয়ে অংশগ্ৰহণ কৰে ৷