মুখ্য-পৃষ্ঠা

মথুৰাপুৰত বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ ভকত গাঁৱত এক বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰ হোৱাত ৰাইজৰ মনত ব্যাপক কৌতুহলৰ সৃষ্টি হয়। মথুৰাপুৰ ভকত গাঁৱত আজি এটা পুখুৰীত এই বিৰল প্ৰজাতিৰ মাছটো উদ্ধাৰ হয় । লগে লগে এই কথা বিয়পি পৰাত মাছটো চাবলৈ হেতা ওপৰা কৰে বহু লোকে। প্ৰায় ১০০ গ্ৰামৰ ওজনৰ মাছটোৰ পিঠিত ওপৰত কাঁইট থকাৰ লগতে ইয়াৰ মুখমণ্ডলৰ আকৃতি গোল আৰু দেখা ডাঙৰ ৷ মাছটোৰ প্ৰকৃত নাম জানিব পৰা নাই যদিও এইধৰণৰ বিৰল প্ৰজাতিৰ মাছ খুব কম সংখ্যকে পোৱা যায় বুলি বিভিন্নজনে মন্তব্য কৰিছে