মুখ্য-পৃষ্ঠা

লকডাউনত বৃদ্ধা মাতৃয়ে লাভ কৰা সাহায্যৰ ধনৰ ভাগ লাগে দুই পুত্ৰক! মাৰপিট কৰি ঘৰৰ পৰা বাহিৰ কৰিলে মাতৃক…

asomiyapratidin

ডিজিটেল সংবাদ, ডবকাঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত চদৰ গাৱত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা ৷ গাঁৱখনৰ এগৰাকী বৃদ্ধা মহিলাক মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিলে দুই কুংলগাৰ পুত্ৰই ৷ যোৱা তিনিদিন ধৰি ৰাজপথতে আশ্ৰয় গ্ৰহণ কৰিছে অসহায় মহিলা গৰাকীয়ে ৷

চন্দ্ৰবান বিবি নামৰ মহিলাগৰাকীক তেওঁৰেই দুই পুত্ৰ ক্ৰমে ফাৰুক আহমেদ আৰু আনোৱাৰ হুছেইনে মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিছে ৷ জানিব পৰা মতে লকডাউনৰ বাবে এই মহিলাগৰাকীৰ একাউন্টত প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ অধীনত আহিছিল চৰকাৰী সাহায্য, এই টকাখিনি বিছাৰিছিল দুই পুত্ৰই ৷ টকা উলিয়াই নিদিয়াৰ বাবে বৃদ্ধা মাতৃক আক্ৰমণ কৰি ঘৰৰ পৰা ওলিয়াই দিয়ে কুলংগাৰ পুত্ৰ দুয়োজনে ৷

শেষত ৰাজপথত পৰি থকা মহিলাগৰাকীৰ খবৰ লাভ কৰে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ আৰু মোৰাঝাৰ আৰক্ষীয়ে ৷ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙ, পেনেল অধিবক্তা ৰুহিনা ৱাৰিচ আৰু মোৰাঝাৰ আৰক্ষীয়ে কালি গাঁৱখনত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে দুই পুত্ৰ ক্ৰমে ফাৰুক আৰু আনোৱাৰক আটক কৰে ৷ মহিলা গৰাকীক ন্যায় প্ৰদান কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙে ৷