মুখ্য-পৃষ্ঠা

পুৱাৰ খবৰ…

asomiyapratidin

১. গোলাঘাটত উদ্ধাৰ দ'মে দ'মে কম্বল। লুকুৱাই থোৱা হৈছিল চৰকাৰী আঁচনিৰ কম্বলখিনি। কছাৰীহাট, আহোমগাঁৱত উদ্ধাৰ হৈছিল ২০ হেজাৰখন কম্বল। পুনৰ কছাৰীহাট, চিনাতলীত উদ্ধাৰ দ'মে দ'মে কম্বল।

২. 21AP(IR)Bnৰ কামাণ্ডেণ্ট প্ৰতাপ সিনহাক বদলি। কাটলিচেৰাৰ পৰা যোৰহাট মুখ্যালয়ৰ SP হিচাপে বদলি। 15thAP(IR)Bnৰ কামাণ্ডেণ্ট সঞ্জীৱ শেখৰ ৰয়ক বদলি। শিলচৰৰ FRROৰ নতুন SP হ'ব সঞ্জীৱ ৰয়।

৩. নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ধূপগুৰি গাঁৱত আজি এগৰাকী ইছলাম ধৰ্মৰ ধৰ্মীয় গুৰু মুফতিৰ মুক্তিৰ দাবীত স্থানীয় ৰাইজ আৰু উলেমা সমাজে প্ৰতিবাদ সাব্যস্ত কৰে। ধূপগুৰিৰ ৰাজপথত কৰা প্ৰতিবাদত মুফতি জহুৰ উদ্দিনক মুক্তই দিয়ক, উচিত তদন্ত কৰি জহুৰ উদ্দিনক ন্যায় প্ৰদান কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

৪. অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাতীচোং শাখাৰ উদ্যোগত নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত হাতীচোং কমাৰচুক বালিকা বিদ্যালয়ত বৃহস্পতিবাৰে কভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সম্পন্ন কৰা হয়।বন্তি প্ৰজ্বলনৰ দ্বাৰা উক্ত কাৰ্যক্ৰমৰ শুভাৰম্ভণি কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগাঁও জিলাৰ সাংগঠনিক সম্পাদক তুষাৰ ভৌমিক আৰু নগাঁও জিলা সংযোজক মৃত্যুঞ্জয় কুমাৰ মাহাতুৱে।

৫. গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত বৰদলনি বৰবাম দিহিঙ্গীয়া বালি গাঁৱত এটি বাৰ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন সংঘটিত হোৱা ঘটনাক লৈ নিজ পিতৃয়ে জেল হাজোতলৈ যাব লগীয়া হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷আৰক্ষীৰ পৰা জানিব মতে গোগামুখ আৰক্ষী থানাত যোৱা ৩ আগষ্টত পত্নী জোনমনি চুতীয়াই স্বামী নিৰন চুতীয়াৰ বিৰুদ্ধে দিয়া অভিযোগৰ এজেহাৰ ভিত্তিত বুধবাৰে গোগামুখ আৰক্ষীয়ে লম্পট পিতৃ নিৰন চুতীয়াক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰে ৷

৬. নগাৰ আগ্ৰাসনক কেন্দ্ৰ কৰি পুনৰ উত্তপ্তহৈ পৰিছে মৰিয়নিৰ সীমান্ত।নগাৰ আগ্ৰাসনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ থকা,দিচৈভেলী সংৰক্ষিত বনাঞ্চলখনক নাগালেণ্ডৰ বুলি দাবী কৰি এইবাৰ নগাই মাৰিলে নামফলক।নগা আও ষ্টুডেণ্ট কনফাৰেন্স নামৰ এটা সংস্থাই দিচৈভেলীক নাগালেণ্ডৰ সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰি আৰিলে ফলক।নিউসোনোৱাল খণ্ড বন বিষয়াৰ কাৰ্যলয়ৰ সমীপৰ এটা অবৈধ বালি মহলৰ কাষতে থকা বন বিভাগৰ এখন নাৰ্চাৰীৰ বিপৰীত দিশত নগাই আজি দিনদুপৰতে ফলকখন এজোপা গছত লগাই থৈ যায়।

৭. দক্ষিন কামৰূপৰ হেকৰাৰ এজনী কনমানিৰ জীৱনলৈ নামি আহিছে কাল অমানিশা।উল্লেখ্য যে বকো থানাৰ অন্তৰ্গত হেকৰা গাওঁৰ শ্ৰী দেৱৰাজ দাস আৰু শ্ৰী মতী লিপিকা দাসৰ একমাত্ৰ কন্যা সন্তান কৃষিকা দাস এক জটিল ৰোগত আক্ৰান্ত হৈ বিগত প্ৰায় ২০ দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসালয়ত চিকিৎসাধিন হৈ আছে।উল্লেখ্য যে দেৱৰাজ দাস আৰু লিপিকা দাসৰ একমাত্ৰ ছয়মহীয়া কন্যা সন্তান কৃষিকাৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে বহুত লক্ষ্যাধিক টকা।

৮. মৰিয়নিত অসম আৰু নাগালেণ্ড ৰাজ্যৰ প্ৰশাসনৰ মাজত অনুস্থিত হৈ যোৱা গুৰুত্বপূৰ্ণ বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে দুয়োৰাজ্যই সীমান্তৰ পৰা আৰক্ষী শিবিৰ উঠাই নিয়াৰ লগতে আৰক্ষী বাহিনীকো প্ৰত্যাহাৰ কৰিছিল।ইতিমধ্যে সীমান্তৰ পৰা আৰক্ষী বাহিনী আতৰি অহাৰ পাছতেই নগা দুবৃত্তই পুনৰ অসমৰ মাটিত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সাজু হৈ উঠে।নিউসোনোৱাল খণ্ড বন বিষয়া কায্যলয় আৰু অসম আৰক্ষীৰ যি বিঅ'পি ৰ পাছফালে আও ষ্টুডেণ্টচ কনফাৰেঞ্চ নামৰ সংগঠন টোৱে পাচঁখন ফলক আঁৰি দিয়া দেখা যায়।

৯. অলিম্পিক দেশক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰা হাৰিয়ানাৰ মল্লযুঁজাৰু ৰবী কুমাৰ দাহিয়ালৈ হাৰিয়ানা চৰকাৰে ঘোষণা কৰিলে পুৰস্কাৰ। দেশক গৌৰৱাম্বিত কৰা ৰবী কুমাৰক হাৰিয়ানা চৰকাৰে প্ৰদান কৰিব প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰি। ইয়াৰোপৰি তেওঁলৈ আগবঢ়াব ৪ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ।

১০. ড্রাগছ, নিচাযুক্ত টেবলেট আৰু গাঞ্জাৰ বিৰুদ্ধে বৃহস্পতিবাৰেও অভিযান অব্যাহত ৰাখিছে কাছাৰৰ লক্ষীপুৰ আৰক্ষীয়ে ৷লক্ষীপুৰৰ মহকুমা আৰক্ষী বিষয়া (এছ ডি পি অ') কুলদীপ ভট্টাচার্যৰ নেতৃত্বত লক্ষীপুৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰ ৫১ কিলোগ্রাম গাঞ্জা বাজেয়াপ্ত কৰে। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই দুখন অটোৰ পৰা বাজেয়াপ্ত কৰা হয় গাঞ্জাখিনি।