মুখ্য-পৃষ্ঠা

পঢ়ক পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ…

asomiyapratidin

১. মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পূত্ৰ অপূৰ্ব অধিকাৰীক ইছলামিক জেহাদী সংগঠন জে এম বিৰ ভাবুকি পত্ৰ ৷ পত্ৰত হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাকো ইছলামৰ চিৰ শত্ৰু ঘোষনা ৷

২. CAAৰ আন্দোলন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন একাকাৰ নকৰিব। এই মন্তব্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ।

৩. পুৱতি নিশা বিদ্যুতৰ খুঁটাত খুন্দিয়াই খাৱৈত বাগৰি পৰিল ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী বাছ। ৭জন লোকৰ মৃত্যু নিশ্চিত হৈছে। মৃতক সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।

৪. মঙলবাৰে গুৱাহাটী মহানগৰীৰ তাপমাত্ৰা ২২ ডিগ্ৰী চেলছিয়াছ। ৮ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগত বতাহ বলাৰ লগতে আদ্ৰতা ৫৭ শতাংশ।

৫. নিৰ্ভয়া কাণ্ডৰ ৪ দোষীক শাস্তি প্ৰদানৰ গতি তৰিৎ কৰিবলৈ উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ প্ৰয়োজন – ৰাজ্যসভাত এই মন্তব্য আপৰ সাংসদ সঞ্জয় সিঙৰ।

৬. মহাত্মা গান্ধীক লৈ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনন্ত হেগড়েয়ে কৰা আপত্তিজনক মন্তব্যৰ বাবে লোকসভাত সভা স্থগিতৰ প্ৰস্তাৱৰ জাননী কংগ্ৰেছ সাংসদৰ। উল্লেখ্য যে, বিজেপি নেতাজনে মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনক আখ্যা দিছিল 'নাটক'।

৭. আজি অন্ত পৰিব অসম সাহিত্য সভাৰ শুৱালকুছিৰ অধিৱেশন। অন্তিম দিনা অনুষ্ঠিত হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী। সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষ্যে প্ৰকাশিত স্মৰণিকাক লৈ বিতৰ্ক।

৮. বোকাখাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ। ৫ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব শংকৰদেৱ অধিৱেশন।

৯. চীনত কোৰোনা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত। নিহতৰ সংখ্যা ৪২৫ জনলৈ বৃদ্ধি।

১০. ১৪৪ ধাৰা জাৰি কৰি থোৱা অৱস্থাত কা ৰ বিৰুদ্ধে ৰেলী বহিৰ কৰি আইনৰ ৰোষত উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল। আৰক্ষীয় নিজাববীয়াকৈ ৰুজু কৰিলে গোচৰ।