মুখ্য-পৃষ্ঠা

ষ্ট্ৰীট লাইট সংস্থাপনৰ নামত লুন্ঠনঃ আছাৰ তদন্ত দাবী…

asomiyapratidin

ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নি সমষ্টিৰ ১২ নং লাহিং গাওঁ পঞ্চায়তত ষ্ট্ৰীট লাইত সংস্থাপনৰ নামত জনগোষ্ঠীয় এটা ছাত্ৰ সংগঠনৰ নেতাই আঁচনি ৰূপায়নৰ ঠিকা লৈ ব্যাপক হাৰত ধন লুণ্ঠন কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছিল। এই বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

আনহাতে এই সন্দৰ্ভত আদিবাসী ছাত্ৰ সন্থাৰ চেলেংহাট আঞ্চলিক সমিতিয়ে পূব যোৰহাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ হাতত আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আছাৰ চেলেংহাট আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি চাহিল মুণ্ডা আৰু সম্পাদক মিঠুন কম্মৰ্কাৰ স্বাক্ষৰিত স্মাৰক পত্ৰত ২০১৬-২০১৭ বিত্তীয় বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ অনুদানেৰে ১২নং লাহিং গাঁও পঞ্চায়তৰ ডালিম খনিকৰ পথত প্ৰায় ২ লাখ ১৮ হেজাৰ টকাৰে সৌৰ চালিত ষ্ট্ৰীট লাইট সেৱা সংস্থাপনৰ নামত সংঘটিত অনিয়মৰ শীঘ্ৰে তদন্ত দাবী কৰা লগতে আটাছাৰ কোন বিষয়ববীয়া ষ্ট্ৰীট লাইট সেৱা সংস্থাপনত জড়িত হৈ আছিল তাক ৰাজহুৱা কৰিবৰ বাবে দাবী জনায়।

ইয়াৰ উপৰি ৰাইজৰ সুবিধাৰ্থে পুনৰ সঠিক ভাবে ষ্ট্ৰীট লাইট সেৱা সংস্থাপন কৰিবলৈও দাবী উত্থাপন কৰে আছাই। অন্যহাতে ষ্ট্ৰীট লাইট সেৱা সংস্থাপনত সংঘটিত অনিয়মৰ বিষয়ে ৰাজহুৱা অভিযোগৰ ভিত্তিত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱা পাছতে সংবাদ মাধ্যমক সামাজিক মাধ্যমত আক্ৰমনৰ লক্ষ্য কৰি লৈছে একংশ স্বাৰ্থন্বেষী মহলে।

সামাজিক মাধ্যমত অশ্বিন নায়ক নামৰ এজন লোকে আটছাৰ মৰিয়নী শাখাক সংবাদ মাধ্যমে বদনাম কৰিছে বুলি অভিযোগ উত্থাপন কৰা লগতে সাংবাদিকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰা কাৰ্যই সাংবাদিক মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আনহাতে সমাজিক মাধ্যমত সংবাদমাধ্যক কৰা এনে আক্ৰমন আৰু ভাবুকি প্ৰদান কৰা কাৰ্যক গৰিহনা দিছে আছাম প্ৰেছ ক'ৰেছপণ্ডেন্ট ইউনিয়ন চমুকৈ আপকুৰ যোৰহাট জিলা শাখাই।