মুখ্য-পৃষ্ঠা

মৰিয়নিত ৬মহীয়া শিশুৰ সৈতে এটা পৰিয়াল আক্ৰান্ত কোৰোনাত…

asomiyapratidin

ডিজিটেল সংবাদ মৰিয়নিঃ মৰিয়নি সমষ্টিৰ চেলেং পুঠাখোৱাত এটা পৰিয়ালৰ তিনিজনৰ দেহত কভিড ১৯ পজিটিভ ধৰা পৰাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।দুদিন পূৰ্বে বেংগালুৰৰ পৰা অহা জয়ন্ত গগৈ(৩৮)ৰ পৰিয়ালৰ তিনি ব্যক্তিৰ কভিড-১৯পজিটিভ ধৰা পৰিছে।

পৰিয়ালটো হোম কোৱাৰেন্টাইত আছিল। জয়ন্ত গগৈৰ পত্নী চিমি গগৈ আৰু ছয়মহীয়া সন্তানো আক্ৰান্ত কোভিড-১৯ত।ইতিমধ্যে আক্ৰান্ত পৰিয়ালটোক জে এম চি এইচৰ কভিড কক্ষলৈ চিকিৎসাৰ বাবে প্ৰেৰন কৰা হৈছে।